NORTHEAST NOW (Assamese)
অসম

নিউ জাৰ্ছিত বিহু: হিয়া উজাৰি নাচি আই অসমী স্মৰণ প্ৰবাসী অসমীয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 9:58 pm
Rongali Bihu celebrated in New Jersey, USA

এমেৰিকাৰ নিউ জাৰ্ছিত হিয়া উজাৰি বিহু নাচি শনিবাৰে আই অসমীক স্মৰণ কৰে প্ৰবাসী অসমীয়াই।

নিউ জাৰ্ছিৰ লগতে পেনছিলভেনিয়াবাসী অসমীয়াসকলে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে ব্যাপক উলহ-মালহেৰে জাতীয় উৎসৱটি উদযাপনত ভাগ লয়।

নৰ্থ ইস্ত ইন্দিয়ান এমেৰিকান কালচাৰেল অৰ্গেনাইজে’চন (NEIACO)এ আয়োজন কৰা অনুষ্ঠানটোত জেং বিহু, মুকলি বিহু, হুঁচৰিকে ধৰি অসমীয়া নীত-গৃত্য পৰিৱেশন কৰে নিজ ভূমিৰ পৰা দূৰৈত বাস কৰা লোকসকলে।

“স্ব-ভূমিৰ পৰম্পৰা সজীৱ কৰি ৰখা আৰু প্ৰসাৰ কৰা এনে এটা মহা উদযাপনত ভাগ লৈ নিজকে ধন্য মানিছো। আমি যিহেতু ঘৰৰ পৰা বহু দূৰত আছো, গতিকে এনে অনুষ্ঠানে আমাক আমাৰ শিপাৰ সৈতে সংপৃক্ত কৰি ৰাখিছে আৰু ইয়েই হ’ল পথ জনগণৰ হৃদয়ৰ সৈতে সংযোগ স্থাপনৰ। বিহু নাচি একে সময়তে আৱেগিক আৰু গৌৰৱান্বিত বোধ কৰিছো,” অনুষ্ঠানটোত জেং আৰু গছ তলৰ বিহু পৰিৱেশন কৰা সাগৰিকা দত্ত ভূঞাৰ মন্তব্য।

এইবাৰৰ অনুষ্ঠানটোত নতুন মুখৰ লগতে তৰুণ-তৰুণী দেখি উৎসাহিত হোৱা বুলি মন্তব্য কৰে নিউ জাৰ্ছিবাসী অসমীয়া মাৰ্ক বৰদলৈয়ে।

মহানগৰীয়া ব্যস্ততাৰ মাজত নিজৰ সংস্কৃতি-পৰম্পৰাৰে সুখৰ কিছু সময় কটোৱা পৰিয়ালসমূহে এসাঁজ অসমীয়া আহাৰ একেলগে খাই অনুষ্ঠানটোৰ সামৰণি পেলায়।