NORTHEAST NOW (Assamese)
অসম

ৰঙালী বিহুৰ ৰঙে মন-প্ৰাণ ভৰাই তুলিলে প্ৰৱাসী অসমীয়াৰ

Posted by: এন ই নাও নিউজ April 14, 2019 10:45 am

দেশে-বিদেশে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোল, পেঁপাৰ মাত। দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা আৰম্ভ কৰি টেমছৰ পাৰলৈকে এতিয়া সকলোতে ৰহালী বিহুৰ ব্যাপক প্ৰস্তুতি। প্ৰৱাসত থাকিলেও প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি পালনৰ বাবে ব্যস্ত হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে শনিবাৰে অৰ্থাৎ ১৩ এপ্ৰিলত দিল্লীৰ সমীপতে থকা গুৰগাঁওবাসীয়েও পালন কৰে ৰঙালী বিহু।

এই অনুসৰি পুৱা শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু ডিব্ৰুগড়ৰ প্ৰাগজ্যোতিষ হুঁচৰি দলে শনিবাৰে বিহুথলীত অনুষ্ঠান পৰিৱেশন কৰে। গুৰগাঁৱৰ দৰেই নয়দাত থকা অসমীয়াসকলেও শনিবাৰে বিহুৰ আয়োজন কৰে। সদৌ অসম ৱেলফেয়াৰ এছ’চিয়েশ্যনে আৰ ডব্লিউ এ কমিউনিটি চেণ্টাৰত আয়োজন কৰা এই বিহুত জিতুল সোণোৱাল, মধুমিতা গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে।

একেদৰে দ্বাৰকাত থকা অসম কৃষ্টি কেন্দ্ৰই প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্টৰ চৌহদত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বিহুৰ আয়োজন কৰে। ইফালে বেংগালুৰুত থকা অসমীয়া লোকসকলে আয়োজন কৰা বসন্ত উৎসৱৰ কাৰ্যসূচী শনিবাৰৰ পৰা আৰম্ভ হৈছে। কালিৰ বসন্ত উৎসৱত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।