ফিউচাৰিষ্টিক ৰঙালী
সকলোলৈকে ৰঙালীৰ ওলগ জনালোঁ।
নতুন বছৰটো ভালে যাওক সকলোৰে। পিছে এই ব’হাগ ক’ৰবাত অসমীয়াৰ বাবে ৰঙালী হৈয়ো যেন কঙালী। উল্লাস-উদ্দীপনাৰ মাজতো আমি বিচাৰি ফুৰিছোঁ আমাৰ হিয়াৰ আমঠু গৰাকীৰ এষাৰ মাতৰ…৷
আজি পিছে পাতিব বিচাৰিছোঁ সময়ৰ সোঁতত বিহুলৈ নামি অহা মই দেখা কিছু পৰিৱৰ্তনৰ কথা। সৰুতে বিহু বুলিলে মনত যি আনন্দ আছিল সেয়া লাহে লাহে ক’ৰবাত নোহোৱা হ’বলৈ ধৰা কথাটোৱে মোক প্ৰায়েই চিন্তিত কৰি তুলিছে। এই যে বিহুৰ কিছুদিন আগৰ পৰাই ঢেঁকীৰ গুমগুমনিৰে চৌদিশ ৰজনজনাই থাকে, সেয়া জানো আজিকালি শুনিবলৈ পাওঁ? পাওঁ যদিও আগৰ দৰে নিশ্চিতভাৱে নহয়।
মনত পৰে, পঞ্চম শ্ৰেণীমানত থাকোঁতে গৰু বিহুৰ পুৱা সোনকালে উঠি, দেউতাক মাহ-হালধি বটাত সহায় কৰি দিয়াৰ পৰা আদি কৰি গৰুক নোৱাই দিয়াৰ ক্ষণলৈকে মনত আনন্দই বিৰ দি বাট নাপাইছিল। পিছে আমাৰ অসমীয়া ঘৰবোৰত আজিকালি গৰু প্ৰায় নাইকিয়াই বুলিব পাৰি। আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বহুতেই হয়তো নাজানে গৰু বিহুৰ মহত্ত্ব, তাৰ লগত জড়িত হৈ থকা পৰম্পৰাসমূহ। হয়তো বহুতেই দেখাই নাই গৰু বিহুত মাখিয়তী, দীঘলতী ক’ত, কেনেদৰে ব্যৱহাৰ কৰা হয়, সন্ধ্যা গোহালিত জাগ দি গৰুক প্ৰথম বিচনীৰ বা দিয়াৰ আঁৰৰ মহত্ত্ব। কিন্তু ইয়াৰ মাজতে এইটোও অস্বীকাৰ কৰিব নোৱাৰি যে বহু ঠাইত বিহু আয়োজকসকলে সমূহীয়াকৈ হ’লেও গৰু বিহুৰ যি পৰম্পৰা তাক অব্যাহত ৰাখিছে।
মোৰ বাবে বিহুৰ আটাইতকৈ ভাল লগা পৰ্বটি হৈছে হুঁচৰি। মায়ে চাদৰ-মেখেলাযোৰ ভালদৰে পিন্ধাই দিয়ালৈ ওচৰৰ লগৰ সমনীয়াবোৰ ঘৰ ওলায়হি আৰু এনেকৈয়ে ফৰকাল ৰ’দত গৃহস্থৰ পদূলিয়ে পদূলিয়ে খালী ভৰিৰে,
“দেউতাৰ পদূলিত গোন্ধাইছে মালতী,
কেতেকী মলেমলাই অ’ গোবিন্দই ৰাম”
বুলি বিহুনাম জোৰাৰ আমেজেই সুকীয়া আছিল। এনেকৈয়ে বিহুৰ সাতদিন বহুতো হুঁচৰি দল আহি আমাৰ চোতালতো আশীৰ্বাদ দি গৈছিল।
কিন্তু প্ৰশ্ন হ’ল, বৰ্তমান সময়ছোৱাত আপোনাৰ চোতালত কেইটা হুঁচৰিৰ দল আহে?
নিশ্চয়কৈ সেই সংখ্যা পূৰ্বৰ তুলনাত অতি কম।
ভৱিষ্যতলৈ এনেবোৰ কথাই জাতিটোৰ বাবে কঢ়িয়াই আনিব পৰা সংকটসমূহৰ কথা আমি চিন্তা-চৰ্চা কৰিব লাগে এই ব’হাগতে। আমাৰ যি হুঁচৰিৰ পৰম্পৰা বহু ঠাইত প্ৰায় নিঃশেষ হোৱাৰ পথত। বৰ্তমান মুকলি বিহুৰ পৰিৱৰ্তে মঞ্চবিহু হৈছেগৈ। বিহু মঞ্চ পালেগৈ ঠিকেই, কিন্তু সমানেই মুকলি বিহুক সময়ৰ সৈতে আগুৱাই নিয়া আৰু নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াটোও পিছে আমাৰেই দায়িত্ব। উল্লেখযোগ্য যে, মঞ্চতকৈ আগত বিহু মুকলিকৈ গছৰ তলত উদযাপন কৰা হৈছিল সেই কথা নিশ্চয় আজিৰ প্ৰজন্মৰ বহুতেই নাজানে। সময়ৰ সোঁতত আমি কিছু পৰিৱৰ্তনক আঁকোৱালি ল’ব লাগিব সেয়া ঠিকেই কিন্তু, শিপাডাল উঘালি যোৱাকৈ নহয়। আজিকালি দেখা যায় এই ব’হাগী মেলাবোৰৰ পৰা আমাৰ মানুহবোৰে পিঠা-লাড়ু-সান্দহ মোনাত ভৰাই আনে, তাকেই নকৰি অলপ কষ্টৰে যদি পিঠা-পনা কেইটা ঘৰতে তৈয়াৰ কৰে কিমান যে শুৱনি হ’ব! লাগিলে এবিধেই বনাওক, কিন্তু নিজ হাতে বনাওক। অন্ততঃ নিজৰ ঘৰৰ ল’ৰা-ছোৱালীকেইটাক পিঠা-পনাৰ সৈতে পৰিচয় কৰাই দিয়ক। নহ’লে এটা দিন আহিব যেতিয়া আমাৰ নতুন প্ৰজন্মই পিঠা কি বস্তু, ঢেঁকী কি, মাখিয়তী-দীঘলতী কি, গৰু বিহুৰ গধূলি জাগ কিয় দিয়ে, বিহুত ১৪/১০১ বিধ শাক কিয় খাব লাগে, নাহৰ পাতত কি লিখে আৰু কিয় লিখা হয়, বিহুত পঁইতা ভাত আৰু দৈৰ মহত্ত্ব, জ্যেষ্ঠজনক সেৱা কৰাকে ধৰি বিহুৰ লগত প্ৰচলিত বিভিন্ন প্ৰথাসমূহ কিয় পালন কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিব। কেতিয়াবা লাগে, আমি এনে এটা দিন দেখিবলৈ বৰ বেছি দূৰত নাই। শিপা মজবুত থাকিলেহে ভৱিষ্যত সুৰক্ষিত হ’ব। শিপাক ধৰি ৰাখি নৱপ্ৰজন্মৰ আগত বিহুৰ বিভিন্ন ৰীতি-নীতিবোৰ চিনাকি কৰাই দিয়াটো আমাৰ কৰ্তব্য।
সময়ৰ লগত নতুনত্বক আদৰিবই লাগিব; পিছে আদৰিবলৈ যাওঁতে নিজৰখিনিক জানো পাহৰাটো উচিত হৈছে?
এই যে আগৰ দৰে বিহুৰ উল্লাস-উদ্দীপনা, পৰম্পৰাবোৰ আমাৰ পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে সেয়া জানো অসমীয়া জাতিটোৰ বাবে এক শুভ সংকেত?
এইবোৰ কথাৰ চিন্তা-চৰ্চাৰ প্ৰয়োজনীয়তা আছে, নহ’লে বিহুৰ লগত জড়িত হৈ থকা পৰম্পৰাসমূহ কেৱল সাধুকথা হৈ ৰ’ব।
সেইহে ভূপেন হাজৰিকা দেৱে কোৱাৰ দৰে –
অসমীয়াই এইবোৰ ভাবি গমি চাবৰ
ব‘ হাগেই বতৰ কিজানি !
বোলোঁ হয় হয় হয় হয়
হে হয়নে…..
ভাস্বতী বৰকটকী
যোগাযোগ: bbk65borkataki@gmail.com