NORTHEAST NOW (Assamese)
অসম

আকৌ ছুপাৰ অ’ভাৰ; শ্বাসৰুদ্ধকৰ মেচত ৰোহিতৰ মুম্বাইক পৰাস্ত কৰিলে কোহলীৰ বাংগালোৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 7:11 am
148267-lnrzmiznrp-1601318474

চলিত আইপিএলৰ সোমবাৰে খেলোৱা এখন খেলত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ছুপাৰ অ’ভাৰত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰে।

মুম্বাই ইণ্ডিয়ানছৰ ঈষান কিশান আৰু কিৰেন পোলাৰ্ডৰ বিস্ফোৰণৰ ফলত মুম্বাইয়ে বিশাল লক্ষ্য স্পৰ্শ কৰিও থমকি ৰ’বলগীয়া হ’ল।

চলিত আইপিএলৰ এইখন আছিল আটাইতকৈ আকৰ্ষণীয় তথা প্ৰত্যাহ্বানৰ যুঁজ। স্নায়ু যুঁজত অৱশ্যে শেষ হাঁহি মাৰিলে কোহলীয়েই।

মুম্বাইৰ হৈ ঈষান কিষানে অবিশ্বাস্য এক ইনিংছ খেলে। মাত্ৰ ১ৰাণৰ বাবে সতক বঞ্চিত এইগৰাকী নতুন তাৰকাই ৫৮টা বলত ৯৯ৰাণ কৰে।

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে নিৰ্দ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২০১ৰাণ কৰি মুম্বাই ইণ্ডিয়ানছক ২০২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

মুম্বাইয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০১ ৰাণ কৰি খেলখনৰ ফলাফল নিৰ্ণয়ৰ বাবে ছুপাৰ অভাৰলৈ ঠেলি দিয়ে।

মুম্বাইৰ হৈ কিৰেন পোলাৰ্ডে ২৪টা বলত ৬০ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি অপৰাজিত থাকে।

ছুপাৰ অভাৰত বিৰাট কোহলীয়ে বাউণ্ডেৰি মাৰি বিজয় সাৱ্যস্ত কৰে।

খেলখনত দুটোয়া দলৰ অধিনায়কদ্বয় বিৰাট কোহলী আৰু ৰোহিত শৰ্মা বেটিঙত ব্যৰ্থ হয়। নিজৰ তৃতীয়খন মেচত কোহলীয়ে ১১টা বল খেলি ৩ৰাণ কৰি পেভলিয়নমুখী হয়।

আইপিএলৰ খেলখনত ২০০ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ কৰা প্ৰচেষ্টাৰে কিষান আৰু পোলাৰ্ডে এক চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰে। বিজয়ৰ দুৱাৰমুখলৈ আহিও অৱশ্যে পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাটো কিছু দুৰ্ভাগ্যজনক বুলি ক’ব পাৰি।