NORTHEAST NOW (Assamese)

মহিলা যাত্ৰীক ৱাশ্বৰূমত ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত লপা-থপা ৰেইল সুৰক্ষা বাহিনীৰ জোৱানক

September 18, 2019 11:42 am · চাজিদ খান
Updated: September 18, 2019 11:44 am

ৰেইলযাত্ৰীৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰ পি এফৰ এজন জোৱানে চলন্ত ৰেইলত এগৰাকী মহিলা যাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত যাত্ৰীৰ গণপ্ৰহাৰৰ সন্মুখীন হ’ব লগীয়া হৈছে।

জোৱানজনৰ নাম পি আৰ শুক্লা আৰু তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জনা গৈছে।

শুক্লাই ৰঙিয়া অভিমুখে আহি থকা মুৰ্কংছেলেক-ৰঙিয়া ট্ৰেইনখনত যাত্ৰা কৰা এগৰাকী মহিলাক ৱাশ্বৰূমলৈ যাওঁতে ধৰ্ষণৰ চেষ্টা চলোৱা বুলি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰে।

ঘটনাটো ঘটে ওদালগুৰি জিলাৰ ৰৌতা আৰু মাজবাট ষ্টেইশ্যনৰ মাজত মঙলবাৰে আবেলি ৩.১৫ বজাত। ট্ৰেইনখন (নং 55896) পুৱা ৬.২০ বজাত মুৰ্কংছেলেকৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

ভুক্তভোগী যাত্ৰীগৰাকীয়ে হুলস্থূল কৰি দিয়াৰ পিছত গোটেই যাত্ৰীসকল ঘটনাটোক লৈ উত্তেজিত হৈ পৰে আৰু তেওঁক নমাই লৈ প্ৰহাৰ কৰে। স্থানীয় লোকেও জোৱানজনক প্ৰহাৰ কৰা দেখা যায়।

ৰক্ষক হৈ ভক্ষকৰ ৰূপ লোৱা জোৱানজনক পিছত টংলাস্থিত চৰকাৰী ৰেইল আৰক্ষীৰ হাতত গতাই দিয়া হয়।

 

Related News