NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৬.৪৫ কোটি টকাৰ নিচাযুক্ত টেবলেট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 4:11 pm

শুকুৰবাৰে পুৱা গুৱাহাটী ৰে’ল ষ্টেচনত শিলচৰ – ছেকেণ্ডৰাবাদ এক্সপ্ৰেছত যাত্ৰা কৰা এজন যাত্ৰীৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনী আৰু নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই জব্দ কৰে যথেষ্ট পৰিমাণৰ নিচাযুক্ত টেবলেট।

খবৰ অনুসৰি, পুৱা ৬.৪০ বজাত ৰে’লখন ৪ নম্বৰ প্লেটফৰ্মত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হোৱা এই অভিযানত বৈধ টিকট অবিহনে যাত্ৰা কৰা এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰা হয়।

ব্যক্তিজনৰ পৰা সাতটা প্লাষ্টিকৰ পেকেটত মেৰিয়াই থোৱা ১.৫ কেজি য়াবা টেবলেট উদ্ধাৰ হয়, যাৰ মূল্য প্ৰায় ৬.৪৫ কোটি টকা।

আটকাধীন ব্যক্তিজন পশ্চিমবংগৰ কুচবিহাৰৰ দীনহাটাৰ ফালিমাৰীৰ ২২ বছৰীয়া যুৱক ৰচিদ হক।

ইতিমধ্যে গোচৰ ৰুজু কৰি ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে নিচাযুক্ত দ্ৰব্যখিনি নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাক গতাই দিছে ৰে’লৱে আৰক্ষীয়ে।