NORTHEAST NOW (Assamese)
অসম

শিলচৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৪৫০টা জীৱন্ত ভেকুলী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2025 12:23 pm
শিলচৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৪৫০টা জীৱন্ত ভেকুলী

বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক প্ৰশংসনীয় প্ৰচেষ্টা ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ শিলচৰ পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে ১৪ এপ্ৰিল ২০২৫ তাৰিখে শিলচৰ ৰে’ল ষ্টেচনত চলোৱা এক বিশেষ অভিযানৰ সময়ত ৪৫০টা জীৱিত ভেকুলীৰ উদ্ধাৰ আৰু প্ৰাণ ৰক্ষা কৰে।

ৰাতিপুৱা প্ৰায় ০৮:০০বজাত, শিলচৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দল এটাই ০১নং প্লেটফৰ্মৰ সমীপত গৰাকীবিহীন তিনিটা মোনা পৰি থকা দেখা পায়। পৰীক্ষা কৰাৰ পিছত, প্ৰতিটো মোনাত প্ৰায় ১৫০টাকৈ জীৱিত ভেকুলী থকা দেখা পোৱা যায়, যত মুঠ ৪৫০টা ভেকুলী আছিল।

বহুপ্ৰচেষ্টা স্বত্বেও, মোনাসমূহৰকোনো মালিক বিচাৰি পোৱা নগ’ল। তৎক্ষণিকভাৱে আৰু দায়িত্বসহকাৰে কাম কৰি, ৰেলৱে সুৰক্ষা বাহিনীৰ দলে উদ্ধাৰ কৰা ভেকুলীসমূহক উপযুক্ত পুনৰ্সংস্থাপন আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে শিলচৰৰ বৰাক ভেলী বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়া (ডিএফঅ’)ৰ জিম্মালৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো নিশ্চিত কৰে।

এই ঘটনাটোৱে কেৱল যাত্ৰী আৰু ৰে’ল সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰতে নহয় ন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাত অৰিহণা যোগোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ সক্ৰিয় ভূমিকাৰ ওপৰতো আলোকপাত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিৱেশ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ সতৰ্কতা আৰু সহযোগিতাৰ জৰিয়তে সুৰক্ষা নিশ্চিত কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।