NORTHEAST NOW (Assamese)
অসম

ৰে’লৰ তলত পৰি যোৱা মহিলাক বচালে আৰপিএফৰ কৰ্মীয়ে, শিহৰণকাৰী ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2021 4:47 pm
kka

কথাতে আছে ৰাখ হৰি মাৰে কোনে। শেহতীয়াকৈ তেলেংগানাৰ ছেকেন্দ্ৰাবাদৰ এগৰাকী মহিলাৰ ক্ষেত্ৰতো এই কথাছাৰ খাজে-খাপে মিলি গৈছে।

তেলেংগানাৰ ছেকেন্দ্ৰাবাদৰ ৰে’ল ষ্টেছনত ৰে’ল চলি যোৱাৰ সময়তে ৰে’লত উঠিবলৈ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে।

কিন্তু দুৰ্ভাগ্যবশতঃ ভৰি পিচলি মহিলাগৰাকী চলন্ত ৰে’ল খনৰ তলত সোমাই যোৱাৰ উপক্ৰম ঘটিছিল।

সেই সময়তে মহিলাগৰাকীৰ আগে আগে গৈ থকা ৰে’লৱে সুৰক্ষাবাহিনীৰ জোৱান দীনেশ সিঙে অকণো সময় নষ্ট নকৰি পৰি যোৱা মহিলাগৰাকীক টানি প্লেটফৰ্মলৈ তুলি আনে।

ফলত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ। শেহতীয়াকৈ ভাৰতৰ ৰে’ল বিভাগে এই ঘটনাৰ ভিডিঅ’ বিভাগীয় টুইটাৰত প্ৰকাশ কৰাৰ পিছতে সকলোৱে আৰপিএফৰ জোৱান দীনেশ সিঙক প্ৰশংসাৰে ওপচাই দিছে।

ৰে’ল বিভাগেও টুইটাৰত ভিডিঅ’টো প্ৰকাশ কৰি কৈছে যে জীৱন মূল্যৱান। সেয়ে চলন্ত ৰে’লত উঠাৰ চেষ্টা কৰি কেতিয়াও জীৱন বিপন্ন কৰি তুলিব নালাগে।