NORTHEAST NOW (Assamese)
অসম

পশ্চিম কামেঙত অৱসৰপ্ৰাপ্ত সেনাৰ বাবে চিকিৎসা সেৱা আঁচনি উন্মোচন ৰক্ষা ৰাজ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ October 16, 2018 9:00 pm
IMG-20181016-WA0160

পশ্চিম কামেং জিলাৰ অৱসৰপ্ৰাপ্ত সেনাসকলৰ বাবে সুখবৰ কঢ়িয়াই স্থাপন হৈছে এখন অৱসৱৰপ্ৰাপ্ত সেনা অনুদানমূলক স্বাস্থ্যসেৱা আঁচনি (ECHS) পলিক্লিনিকখন আৰআৰএম ড০ সুভাষ ৰামৰাও ভামব্ৰেই অৱসৰপ্ৰাপ্ত সেনাসকলৰ বাবে উৎসৰ্গা কৰিছে। টেংগাত এই পলিক্লিনিকখন স্থাপন কৰা হৈছে। ইয়াৰ পৰা অৱসৰপ্ৰাপ্ত সেন আৰু তেওঁলোকৰ পৰিয়ালে অৰুণাচল আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ ব্যক্তিগত ছুপাৰ-স্পেচিয়েলিটী চিকিৎসালয়সমূহত প্ৰত্যক্ষ স্বাস্থ্যসেৱাৰ সুযোগ লাভ কৰিব।

অৱসৰপ্ৰাপ্ত সেনাসকলৰ সহায়ৰ বাবে টেংগাস্থিত সেনা চিকিৎসালয়ো আন্তৰ্গাঁথনি আৰু চিকিৎসক, নাৰ্ছিং ষ্টাফ সহ  আগবাঢ়ি আহিছে। আৰআৰএমগৰাকীয়ে অৱসৰপ্ৰাপ্ত সেনাসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আশ্বাস প্ৰদান কৰিছে যে চৰকাৰ তেওঁলোকক পৰিয়ালসহ সহায় কৰিবৰ বাবে দায়বদ্ধ।

আৰআৰএম গৰাকীয়ে এমএইচ্চ টেংগাই অসামৰিক ৰোগীসকললৈ আগবঢ়োৱা মানৱীয় সাহায্যৰ ভূয়সী প্ৰশংসা কৰি স্থানীয় লোকসকলৰ উন্নতিৰ বাবে সেনাই কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।