NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ কলঙত টকাৰ উজান : উদ্ধাৰ হৈছে ১০,২০,১০০ আৰু ৫০০ টকীয়া নোট

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা November 28, 2020 6:47 pm
index.jpgz

আজি দিনৰ ভাগত হঠাৎ নগাঁৱৰ আয়ুসৰেখা স্বৰূপ কলং নৈত হাজাৰ হাজাৰ টকা উটি অহা দৃশ্য‌ই ৰাইজক হতবাক কৰি তুলে।

জানিব পৰা মতে, নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে  বহু সংখ্যক টকা৷

এইদৰে নোট কলঙত উটি অহা প্ৰত্যক্ষ কৰি স্থানীয় কেইবাজনো যুৱকে কলঙত সাতুৰি উদ্ধাৰ কৰে ১০,২০, ১০০ আৰু ৫০০ টকীয়া নোট।

ক’ৰ পৰা কেনেকৈ এইদৰে বৃহৎ পৰিমাণৰ ধন কলঙত উটি আহিল তাকলৈ সৃষ্টি হৈছে যথেষ্ট ৰহস্যৰ।

একাংশ সচেতন ৰাইজৰ মতে, কোনো দুৰ্নীতিগ্ৰস্ত বিষয়া অথবা ৰাজনৈতিক নেতাই আয়কৰ বিভাগৰ ৰোষত পৰাৰ ভয়ত এইদৰে কম মূল্যৰ ১০, ২০,১০০ আৰু ৫০০ টকীয়া নোট কলঙত নিক্ষেপ কৰিছে।

অৱশ্যে কোনে এই কাম সংঘটিত কৰিছে, তাৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।