NORTHEAST NOW (Assamese)

ত্রুটিপূর্ণ গুলী-বাৰুদৰ বাবেই প্ৰাণহানি ঘটিছে ২৭ জন ভাৰতীয় সেনা জোৱানৰ

September 30, 2020 2:26 pm · এন ই নাও নিউজ

যিটো সময়ত আত্মনিৰ্ভৰ ভাৰতৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে ঘৰুৱাভাবে প্ৰস্তুত কৰা ত্ৰুটিপূৰ্ণ গুলী-বাৰুদৰ মূল্য ভৰিবলগীয়া হৈছে ভাৰতীয় সেনাৰ জোৱানে।

শেহতীয়াকৈ ভাৰতীয় সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৪ চনৰ পৰা আজিলৈকে ভাৰতীয় সেনাই ধ্বংস কৰিছে ৯৬০ কোটি টকাৰ গোলাবাৰুদ।

ত্ৰুটিপূৰ্ণ এই গোলাবাৰুদ নষ্ট কৰি পেলাবলগীয়া হোৱাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হৈছে।

এই সময়ছোৱাৰ ভিতৰত ত্ৰুটিপূৰ্ণ গুলী-বাৰুদে প্ৰাণহানি ঘটাইছে ২৭ জনকৈ সেনা জোৱানৰ।

যিটো সময়ত ভাৰতে প্ৰতিৰক্ষাৰ দিশত আত্মনিৰ্ভৰ হোৱাৰ কথা কৈ আহিছে আৰু এই বিষয়ত যাৱতীয় পদক্ষেপো গ্ৰহণ কৰা হৈছে সেই সময়তে দেশত স্থানীয় ভাবে প্ৰস্তুত কৰা গুলী-বাৰদৰ মানকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

ভাৰতে শেহতীয়াকৈ বিদেশৰ পৰা গুলী-বাৰুদ আমদানি কৰা বহু খিনি কমাই দিছে।

তাৰ বিপৰীতে ভাৰতে দেশৰ ভিতৰতে গুলী-বাৰুদ আদি প্ৰস্তুতত মনোনিৱেশ কৰিছে।

কিন্তু ২০১৪ৰ পৰা ২০১৯ চনৰ ভিতৰত ত্ৰুটিপূৰ্ণ গুলী-বাৰুদৰ বাবে ৪০০ টাৰো অধিক অঘটন ঘটিছে।

এই সময়ছোৱাত কেৱল ৬৫৮ কোটি টকাৰ ত্ৰুটিপূৰ্ণ বুলেট নষ্ট কৰি পেলোৱা হৈছে।একেদৰে মাইন নষ্ট কৰা হৈছে ৩০৩ কোটি টকাৰ।

Related News