NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ এখন বিশেষ আশ্ৰমত মোহন ভাগৱত; আজি মুখ্যমন্ত্ৰীক কৰিব সৌজন্যমূলক সাক্ষাৎ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 2, 2020 11:35 am
WhatsApp Image 2020-12-02 at 11.16.14 AM

মঙলবাৰে সন্ধিয়াভাগত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আহি উপস্থিত হৈছেহি RSS ৰ প্ৰধান মোহন ভাগৱত।

গুৱাহাটীৰ মালিগাঁওৰ আদিমগিৰী পাহাৰৰ বনবাসী আশ্ৰমত বাহৰ পাতি আছে RSS ৰ প্ৰধানগৰাকী।

RSS ৰ এক উচ্চস্তৰীয় সূত্ৰই এই কথা জানিবলৈ দিছে।

সূত্ৰটোৱে জনোৱা অনুসৰি বৰ্তমানলৈকে এই কথা কাকো অৱগত কৰা হোৱা নাই তথা সংবাদ মাধ্যমৰ পৰাও দূৰত থাকিব RSS ৰ প্ৰধানগৰাকী।

বুধবাৰে দুপৰীয়া নাইবা বিয়লিভাগত তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৌজন্যমূলক সাক্ষাৎ কৰিব।

অহা ৫ ডিচেম্বৰলৈকে তেওঁ গুৱাহাটীতে থাকিব আৰু তাৰ পাছত প্ৰথমে অৰুণাচল, নাগালেণ্ডকে ধৰি উত্তৰ পূবৰ অন্য ৰাজ্যসমূহত উপস্থিত হৈ সংঘৰ কাম-কাজ পৰিদৰ্শন কৰিব।

তাৰ পাছত পুনৰ ১২ ডিচেম্বৰত গুৱাহাটীলৈ উভতি আহি হয়তো পল্টনবজাৰস্থিত কেশৱ ধামত উপস্থিত হৈ সংঘৰ প্ৰচাৰ প্ৰমুখ, বিষয়ববীয়া আৰু অন্যান্য কাৰ্যকৰ্তাৰ সৈতে এক আলোচনাত মিলিত হ’ব।

উক্ত বৈঠকতে তেওঁ অসমত RSS ৰ প্ৰচাৰ কেনেকুৱা গতিত চলিছে বা ভেটি কিমান সুদৃঢ় হৈছে সেই সম্পৰ্কে বুজ ল’ব।

তাৰ পাছতে তেওঁ বিশেষ বিমানযোগে পোনে পোনে নাগপুৰলৈ ৰাওনা হ’ব।

অৱশ্যে সূত্ৰটোৱে জনোৱা অনুসৰি তেওঁ এই ভ্ৰমণকালত কোনোধৰণৰ ৰাজহুৱা সভাত অংশগ্ৰহণ নকৰে।