NORTHEAST NOW (Assamese)
অসম

ধলাৰ গণহত্যা : বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ আৰ টি কৰ্মীৰ

Posted by: এন ই নাও নিউজ November 3, 2018 9:37 am
Siladitya-570x320

ধলাৰ গণহত্যাৰ পাছত বিভিন্ন দল-সংগঠনে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিভিন্নজনে বিভিন্ন সময়ত দি অহা উচটনিমূলক মন্তৱ্য দি অহাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও বহুতেই দাবী কৰিছে।

ইতিমধ্যে এই ঘটনাৰ পাছতে আলোচনাপন্থী আলফা নেতা মৃনাল হাজৰিকা আৰু জিতেন দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনিমূলক মন্তৱ্য কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে, একে সময়তে বিভিন্ন সময়ত সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তৱ্য দি অহা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰাৰ বাবেও বিভিন পক্ষই দাবী উত্থাপন কৰিছে। চৰকাৰে এই ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ কৰাৰো অভিযোগ উঠিছে।

ইয়াৰ মাজতে শুকুৰবাৰে বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে দিচপুৰ থানাত  এজাহাৰ দাখিল কৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই। এজাহাৰত বৰাই ধলাত সংঘটিত হত্যাকাণ্ডৰ বাবে শিলাদিত্য দেব জগৰীয়া বুলি অভিযোগ কৰিছে।

আনহাতে, সংবাদ মাধ্যমৰ আগত বৰাই কয় যে শিলাদিত্য দেবে এন আৰ চি হোৱাটো নিবিচাৰে কিয়নো তেওঁৰ নাম খচৰাত নাই।

আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ দৰে শিলাদিত্য দেবকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় আৰ টি আই কৰ্মীজনে।

ইপিনে দুলাল বৰাই কয় যে এপিএছচি কেলেংকাৰিত সাংসদ আৰ পি শৰ্মাৰ কন্যাৰ গ্ৰেপ্তাৰত মুখ্যমন্ত্ৰীয়ে যি ভূমিকা লৈছিল শিলাদিত্য দেবৰ ক্ষেত্ৰতো সেই ভূমিকা ল’ব লাগে।