NORTHEAST NOW (Assamese)
অসম

সলনি হ’ল যান-বাহন পঞ্জীয়নৰ সৈতে জড়িত নিয়ম; এইসকল লোকৰ হ’ব লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 2:15 pm
auto-news-12_060420084358-new-750x375

এতিয়া বাহনৰ পঞ্জীয়নৰ নথিত মালিকী স্বত্ত্ব বা গৰাকীৰ তথ্য বিশদভাৱে দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে যান-বাহন নিয়মৰ সংশোধন কৰি ইয়াৰ অধিসূচনা জাৰি কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা নতুন নিয়ম প্ৰয়োগ কৰি দিছে।

পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰ্যালয়ে এক বিবৃতিত কয়,’’কেন্দ্ৰীয় যান-বাহন নিয়ম ১৯৮৯ৰ ফৰ্ম ২০ত সংশোধনৰ বাবে ২২অক্টোবৰ ২০২০ত অধিসূচনা জাৰি কৰা হৈছে, যাতে বাহনৰ পঞ্জীয়নৰ সময়ত গৰাকী স্বত্ত্বৰ বিৱৰণ স্পষ্ট ৰূপত অন্তৰ্ভুক্ত হয়। এইটো দিব্যাংগসকলৰ বাবে বিশেষ লাভদায়ক হ’ব।‘’

বিবৃতিটোত স্পষ্ট কৰি কোৱা হৈছে যে এতিয়া নথিত স্বায়ত্ব পৰিষদ, কেন্দ্ৰীয় চৰকাৰ, ধৰ্মীয় ট্ৰাষ্ট, ড্ৰাইবিং প্ৰশিক্ষণ স্কুল, দিব্যাংগ লোক, শৈক্ষিক প্ৰতিষ্ঠান, স্থানীয় প্ৰাধিকৰণ, আৰক্ষী বিভাগ আদিৰ দৰে শ্ৰেণীসমূহৰ অধীনত গৰাকীৰ বিৱৰণৰ স্পষ্ট উল্লেখ থাকিব।

চৰকাৰৰ মতে, এই পদক্ষেপে দিব্যাংগ ব্যক্তিসকলক সহায় কৰিব। প্ৰকৃততে, যান-বাহনৰ ক্ৰয়/মালিকানা/যাতায়তৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত দিব্যাংগসকলক জিএছটি আৰু আন ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে। এই সংশোধনৰ জৰিয়তে তেওঁলোকে এই সুবিধা প্ৰকৃততে লাভ কৰাটো নিশ্চিত হৈ পৰিব।

বিগত দিনত পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দৃষ্টিলৈ আহিছিল যে লোকসকলে গাড়ীৰ পঞ্জীয়নত মালিকী স্বত্ত্ব সঠিকধৰণে দাঙি নধৰে। ইয়াৰ বাবে দিব্যাংগসকলক ৰেহাই দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে।

এতিয়া চৰকাৰৰ নতুন নিয়মত এই অসুবিধা দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে।