NORTHEAST NOW (Assamese)
অসম

মই ভূমিপুত্ৰ, মাতৃভূমিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিব নোৱাৰো

Posted by: প্ৰফুল্ল কামান Updated by: প্ৰফুল্ল কামান January 8, 2020 10:13 pm
Assam CM Sonowal

অসমত চলিত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী আন্দোলনক সমালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে কয় যে তেওঁ এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে মাতৃভূমিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে।

ধেমাজিত বিজেপিৰ “ঐক্য সমদল”ত ভাগ লৈ সোণোৱালে কয় যে বিৰোধী কংগ্ৰেছকে ধৰি আন্দোলনকাৰী দল-সংগঠনসমূহে কা সন্দৰ্ভত মানুহক ভুল পথেৰে পৰিচালিত কৰি আৱেগৰ সৃষ্টি কৰিছে।

“আৱেগ কাগজৰ জুইৰ নিচিনা, নুমাবলে বেছি সময় নালাগে,” বিজেপিৰ শাসনত নিৰ্ভয়ে থাকিবলৈ আহ্বান জনাই সোণোৱালে কয়।

তেওঁৰ চৰকাৰে ভূমিপুত্ৰসকললৈ মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ইয়াৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব খোজা হৈছে।

কা-ই খিলঞ্জীয়াৰ অলপো ক্ষতি নকৰে বুলি দাবী কৰি সোণোৱালে কয় যে তেওঁৰ চৰকাৰ অসমীয়া খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ ভাষিক, সাংস্কৃতিক আৰু পৰম্পৰাৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

“নৃগোষ্ঠীয় জনজাতিৰ সমাজ-সাংস্কৃতিক বিকাশৰ বাবে বহুকেইখন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বৈচিত্ৰ্যতাৰ মাজত ঐক্য আৰু অখণ্ডতাৰ বিকাশৰ বাবে কাম কৰি আছে,” মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে তেওঁৰ চৰকাৰে এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চি কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে কিছুমান প্ৰভাৱশালী সংগঠনে প্ৰক্ৰিয়াটোক বিপথে নিলে।

“আপোনালোক সকলোৱে জানে,” কোনো সংগঠনৰ নাম নোলোৱাকৈ সোণোৱালে কয়।

সোণোৱালৰ উপৰি সভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস আদিও উপস্থিত আছিল।

সভাৰ পিছতে বহুহাজাৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি আৰু বি পি এফ সমৰ্থকে কটকটীয়া নিৰাপত্তাৰ মাজত ধেমাজি চহৰৰ মাজেৰে এক মৌন সমদল বাহিৰ কৰে।