NORTHEAST NOW (Assamese)
অসম

হাতত জুই লৈ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে খোদ বিজেপি!

Posted by: ছফিকুল আহমেদ October 3, 2018 7:43 pm
goalpara bjp

সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা নিজ দলৰে চৰকাৰৰ পৰা ‘ন্যায়’ বিচাৰি হাতত জোঁৰ লৈ ৰাজপথত নামিব লগা হৈছে বিজেপি নেতা-কৰ্মী।

হত্যাৰ অভিযোগত ২০১৩ চনতে অভিযোগনামা দাখিলৰ পিছতো আজি পৰ্য্যন্ত চৰকাৰে গ্ৰেপ্তাৰ নকৰা পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে সন্ধিয়া হাতত জোঁৰ লৈ গোৱালপাৰা চহৰত সমদল বাহিৰ কৰিছে জিলা বিজেপিয়ে।

গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিব্ৰত কৰি ‘We want justice, হত্যাত অভিযুক্ত বিধায়কক গ্ৰেপ্তাৰ কৰক, কংগ্ৰেছ দল হায় হায়’ আদি শ্ল’গানেৰে বিজেপি নেতা-কৰ্মীসকলে বুধবাৰে সন্ধিয়া উত্তাল কৰি তোলে গোৱালপাৰা চহৰ।

‘‘বিচাৰ প্ৰক্ৰিয়া খুব সোনকালে হ’ব লাগে আৰু দোষীক ফাষ্ট ত্ৰেক আদালতৰ জৰিয়তে শাস্তি দিব লাগে। আমি সেয়ে গোৱালপাৰা চহৰৰ মাজেৰে জোঁৰ সমদল উলিয়াইছো,” নৰ্থ ইষ্ট নাও-ক জনালে জিলা বিজেপি সম্পাদক সুব্ৰত ঘোষে।

লগতে পঢ়ক– ‘হত্যাকাৰী’ কংগ্ৰেছী বিধায়কক গ্ৰেপ্তাৰ নকৰি সুৰক্ষা দিছে বিজেপি চৰকাৰে!

বিক্ৰম জিত নাথ নামৰ গোৱালপাৰা কলেজ ছাত্ৰ এজনক ২০০১ চনৰ ২৮ ছেপ্তেম্বৰত কলেজ চৌহদতে দিন দুপৰতে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল।

ছাত্ৰজনক গোৱালপাৰা কলেজ চৌহদত দিন দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাৰ সম্পূৰ্ণ ১৭ বছৰ পিছত যোৱা ২৯ ছেপ্তেম্বৰত পৰিয়ালে ন্যায় বিচাৰি সোণোৱাল চৰকাৰক পোনপটীয়াকৈ প্ৰশ্ন কৰাৰ পিছৰে পৰা উত্তপ্ত হৈ আছে জিলাখনৰ ৰাজনীতি।

হত্যাৰ বলি ছাত্ৰজনৰ পৰিয়ালৰ সংবাদ মেলৰ পিছতে ৩০ ছেপ্তেম্বৰত এক সংবাদ মেল আয়োজন কৰি এয়া তেওঁৰ বিৰুদ্ধে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি মন্তব্য কৰিছিল বিধায়ক আলমে।