NORTHEAST NOW (Assamese)

পুনৰ চলিছে অপপ্ৰচাৰ; টুইটাৰ ট্ৰেণ্ডত #DhoniRetires

May 28, 2020 12:27 pm · এন ই নাও নিউজ
Updated: May 28, 2020 12:40 pm

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যত সন্দৰ্ভত যোৱা কেইবামাহ ধৰি বিভিন্ন খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আছে।

ধোনীয়ে শেষবাৰৰ বাবে যোৱা বছৰ জুলাই মাহত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অংশ লৈছিল। ইয়াৰ পিছৰে পৰা ক্ৰিকেট জগতৰ পৰা আঁতৰি আছে ধোনী।

ভাৰতৰ সবাটোকৈ সফলতম অধিনায়কৰূপে পৰিচিত ধোনী পুনৰবাৰ ক্ৰিকেট ফিল্ডলৈ ঘূৰি অহাটো সকলো অনুৰাগীয়ে মনে প্ৰাণে বিচাৰে।

ইয়াৰ মাজতে পুনৰ এবাৰ ছ’চিয়েল মিডিয়াত ধোনীৰ অৱসৰক লৈ ব্যাপক ভুৱা বাতৰি প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে।

বুধবাৰে হঠাৎ টুইটাৰত #DhoniReires ট্ৰেণ্ড আৰম্ভ হয়। ইয়াৰ লগে লগে ধোনীৰ অনুৰাগীসকল আৱেগিক হৈ উঠে আৰু টুইটাৰত প্ৰিয় খেলুৱৈগৰাকীৰ ক্ৰিকেট জীৱনৰ ঐতিহাসিক মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ লয়।

ছ’চিয়েল মিডিয়াত এইদৰে ভুৱা খবৰ প্ৰচাৰ হোৱাৰ লগে লগে একাংশ ধোনীৰ অনুৰাগী ক্ষুব্ধ হৈ পৰে আৰু এনেধৰৰ ভুৱা বাতৰিক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ধোনীৰ অৱসৰক লৈ ছ’চিয়েল মিডিয়াত চলা এয়াই প্ৰথম অপপ্ৰচাৰ নহয়। ইয়াৰ পূৰ্বেও অৰ্থাৎ বিশ্বকাপৰ পিছৰ পৰা দুই-তিনিবাৰমান অৱসৰ সন্দৰ্ভত অপপ্ৰচাৰ চলিছিল।

Related News