NORTHEAST NOW (Assamese)
অসম

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 8:49 pm
Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়াৰ কথা ওলাইছে। শক্তি কাপুৰৰ কন্যা শ্ৰদ্ধাৰ পাণি গ্ৰহণ কৰিবলগীয়া পাত্ৰৰ কথাও প্ৰকাশ পাইছে। পিচে দৰানো কোন?

বাতৰি অনুসৰি, বলীউদৰ প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰী ৰোহন শ্ৰেষ্ঠই শ্ৰদ্ধাৰ দৰা।

শ্ৰদ্ধাৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰোহনে। এতিয়া দুয়ো বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

অভিনেতা বৰুণ ধাৱানৰ এটা প’ষ্টৰ আঁত ধৰিয়েই পোহৰলৈ আহিছে শ্ৰদ্ধাৰ বিয়াৰ প্ৰসংগ। বান্ধৱী নাতাশাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বৰুণ। ছচিয়েল মিডিয়াত ৰোহনে বৰুণক শুভেচ্ছা জনায়।

ৰোহনৰ প্ৰত্যুত্তৰত বৰুণে লিখিছে, ‘আশা কৰো তুমিও সাজু।‘’ৰোহনৰ এই প্ৰতিক্ৰিয়াৰ পাছতে ছচিয়েল মিডিয়াত আৰম্ভ হয় চৰ্চা। সকলোৱে ধৰি লৈছে যে এইবাৰ তেনেহ’লে গাত মাহ-হালধী সানিবলৈ সাজু শ্ৰদ্ধা?

ইয়াৰ মাজতে এক সাক্ষাৎকাৰত শক্তি কাপুৰক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ জনায় যে ছচিয়েল মিডিয়াত কি চলিছে মই নাজানো। কিন্ত মি সদায় সকলো সিদ্ধান্তৰ ক্ষেত্ৰত মোৰ কন্যাৰ সৈতে আছো। সেইদৰে বিয়াৰ ক্ষেত্ৰতো।

ৰোহন বুলিয়েই নহয়, শ্ৰদ্ধাই যাকেই পছন্দ কৰে তাত মোৰ কোনো আপত্তি নাথাকে। শক্তি কাপুৰে লগতে ৰোহন বৰ ভাল ল’ৰা বুলিও দোহাৰে।

শক্তি কাপুৰে কয় যে ৰোহন সৰুৰে পৰা তেওঁলোকৰ ঘৰলৈ আহে। শ্ৰদ্ধাই অৱশ্যে ৰোহনক বিয়া কৰোৱাৰ কথা তেওঁক কোৱা নাই। তেওঁলোক সৰুকালৰ বন্ধু। বিয়াৰ ক্ষেত্ৰত তেওঁলোক ছিৰিয়াছ হয়নে নহয় সেয়া অৱশ্যে তেওঁ ক’ব নোৱাৰে বুলি জনায় বলীউদৰ প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে।