NORTHEAST NOW (Assamese)

ৰান ফৰ স্বচ্ছতা : সহস্ৰাধিক অংশগ্ৰহণকাৰীৰে শিৱসাগৰত মিনি মাৰাথন প্ৰতিযোগিতা

November 25, 2019 8:55 am · পার্শ্বজোতি গগৈ

শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত টিপকাই নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে দেওবাৰে শিৱসাগৰত ‘ৰান ফৰ স্বচ্ছতা’ শীৰ্ষক এক সজাগতামূলক মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰে।

শিৱসাগৰৰ বৰপুখুৰী পাৰৰ পৰ্যটন তথ্য কেন্দ্ৰৰ সমুখৰ পৰা আৰম্ভ হোৱা আৰু জয়সাগৰ পুখুৰী পাৰৰ চি আৰ পি এফৰ ১৪৯নং বেটেলিয়নৰ কাৰ্যালয়ৰ সমীপত অন্ত পৰা ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মিনি মাৰাথনত জিলাখনৰ এহেজাৰতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।

পিছত বঁটা বিতৰণী অনুষ্ঠানত বিধায়ক গগৈয়ে কয়, ‘স্বচ্ছতাৰ এই ভাৱ এটা দিনতে সীমিত নাৰাখি ইয়াক দৈনন্দিন জীৱনৰ অভ্যাসত পৰিণত কৰিব পাৰিলেহে এখন সুন্দৰ সমাজৰ কল্পনা সম্ভৱ।‘

উপায়ুক্ত গৰাকীয়ে নিজ ভাষণত উল্লেখ কৰে যে, জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় খেলৰ বাবে উৎকৃষ্ট খেলুৱৈ চয়ন আৰু ক্রীড়া ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে জিলাখনৰ বিদ্যালয়সমূহক সামৰি “খেল’ শিৱসাগৰ খেল'” নামৰ এক অভিলাষী প্ৰতিযোগিতা অনু্ষ্ঠিত কৰা হ’ব।

কালিৰ মিনি মাৰাথনত অভিলেখ সংখ্যক লোকে অংশগ্ৰহণ কৰা দেখি শীঘ্ৰে জিলাখনত “ৰান ৰংপুৰ ৰান” শীৰ্ষক আৰু এক মাৰাথন প্ৰতিযোগিতা আয়োজন কৰা হ’ব বুলি উপায়ুক্তই ঘোষণা কৰে।

মহিলা শাখাত মানসী গগৈয়ে প্ৰথম স্থান আৰু নাদিয়া পাটৰে দ্বিতীয় স্থান লাভ কৰে। পুৰুষৰ শাখাত জানমণি মেচে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ৰাজেশ ৰঙহাৰে লাভ কৰে দ্বিতীয় স্থান।

আনহাতে ১৪ বছৰ অনুৰ্দ্ধৰ শাখাত প্ৰজ্ঞান গগৈয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তদুপৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সত্তৰোৰ্ধৰ প্ৰবীণ এথলিট মোহিত্ৰী সন্দিকৈক এক বিশেষ বঁটা প্ৰদান কৰা হয়।

Related News