NORTHEAST NOW (Assamese)
অসম

মহাপতন অব্যাহত! মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ’লগৈ ৮৩.৬ টকা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 20, 2022 1:04 pm

মহাপতন অব্যাহত! আজি পুৱা ভাৰতীয় টকাৰ মূল্য ৬ পইচা হ্ৰাস পোৱাত ডলাৰৰ তুলনাত টকাৰ মূল্য হয়গৈ ৮৩ টকা ৬ পইচা । কেৱল ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাই নহয়, আজি শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ সৃষ্টি হৈছে। আজি পুৱা শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ পিছত চেনচেক্স সূচক এটা ষ্ট্ৰোকত প্ৰায় ৩৫০ পইণ্ট হ্ৰাস পায়। নিফটি ৯০ পইণ্ট হ্ৰাস পায়। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে।

অৱশ্যে, কেৱল ধনেই নহয়, বিশ্বৰ আন বহুতো দেশৰ মুদ্ৰা ডলাৰৰ বিপৰীতে দুৰ্বল হৈ পৰিছে। অন্যান্য এছিয়াৰ মুদ্ৰাবোৰেও ভাৰতীয় টকাৰ দৰেই ক্ষতিগ্ৰস্ত হৈছে।
ভাৰতীয় টকাৰ অৱনমন অব্যাহত আছে। এইবাৰ আমেৰিকান ডলাৰৰ মূল্য ৮৩ টকা অতিক্ৰম কৰিছে। শু এই বৃহৎ হ্ৰাসৰ ফলস্বৰূপে টকাৰ নতুন মূল্য হয়গৈ ৮২.২২টকা। এটা সময়ত হ্ৰাস পাই পাই ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৩.০৬ টকাত ৰয়। প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য এইবাৰ ৮৩ টকা অতিক্ৰম কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ মূল্য আছিল ৬৩ টকা ৩৩ পইচা। ২০১৮ৰ ৩১ ডিচেম্বৰত এই মূল্য ৬৯.৭৯টকালৈ বৃদ্ধি হয়। ২০১৯ চনৰ অন্তিম দিনটোত দেখা গৈছিল যে ডলাৰৰ হিচাপত ভাৰতীয় মুদ্ৰাৰ মূল্য ৭০-ৰ সীমা অতিক্ৰম কৰিছে।

কৰোনা কালৰ পিছত এই বিনিময় মূল্য আছিল প্ৰায় সত্তৰ টকা। কিন্তু ভাৰতীয় মুদ্ৰা বজাৰ কেইমাহমানৰ পৰা মন্দাৱস্থাত আছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। যিটো অৰ্থনীতিৰ বাবে যথেষ্ট উদ্বেগৰ বিষয়।
উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত বজাৰ খোলাৰ লগে লগে ডলাৰৰ বিপৰীতে একেবাৰতে টকাৰ মূল্য বহুখিনি হ্ৰাস পাইছিল। সেইদিনা এক আমেৰিকান ডলাৰৰ মূল্য পাইছিলগৈ ৮১ টকা ৯ পইচা। সেই সময়ত প্ৰথমবাৰৰ বাবে টকাৰ মূল্য ৮১ টকা অতিক্ৰম কৰিছিল।