NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰৰ মতে ‘SI পৰীক্ষা কেলেংকাৰী নহয়, বেমেজালি হে’!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 27, 2020 8:36 pm
Akhil Rupam Final

কালি GMCH ৰ চৌহদত কাৰাৰুদ্ধ অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘অপদাৰ্থ মুখ্যমন্ত্ৰী’ আখ্যা দিয়াৰ লগতে তেওঁৰ পদত্যাগৰ দাবী তোলাৰ পাছতেই অখিলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ নেতৃত্ব।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি অখিল গগৈক কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

অখিল গগৈক কটাক্ষ কৰি গোস্বামীয়ে কয় ‘অখিল গগৈৰ আন্দোলনৰ সত্ত্বাক সন্মান জনাওঁ। কিন্তু তেওঁ যিধৰণে অশালীন শব্দ-বাক্য ব্যৱহাৰ কৰে সেয়া অসমৰ ৰাইজে গ্ৰহণ কৰে নে নকৰে সেয়া অসমৰ জনসাধাৰণলৈ এৰিলো।‘

সংবাদমেলত ৰূপম গোস্বামীৰ প্ৰশ্ন ‘অখিল গগৈয়ে দৈয়াং টেঙানিৰ ৰাইজক সাৰথি কৰি আন্দোলন আৰম্ভ কৰিছিল। কিন্তু আজিলৈকে তেওঁলোকক এক ইঞ্চি মাটি দিব পাৰিলে নে? এই আন্দোলন কেনেধৰণে পৰিসমাপ্তি হ’ল?’

ইপিনে, ‘অখিল গগৈয়ে এখন এখন নাটক সৃষ্টি কৰে আৰু বাস্তৱত কাম কৰি আছো আমি‘ বুলি দাবী কৰি তেওঁ লগতে কয় ‘চৰকাৰে ইতিমধ্যে ৪৬০০০ খিলঞ্জীয়া লোকক ভুমিৰ পট্টা প্ৰদান কৰিছে। আৰু প্ৰায় ৬৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰিব। মুঠ ১ লাখ ৫ হাজাৰ লোকে এইখন চৰকাৰৰ দিনত ভুমি পট্টা লাভ কৰিব।‘

পুনৰ অখিল গগৈক প্ৰশ্ন কৰি গোস্বামীয়ে কয় ‘তেওঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত ফাইল কিছুমান  লৈ ঘুৰি ফুৰিছিল সেইবোৰ এতিয়া ক’ত গ’ল?’

ইপিনে, অখিল গগৈৰ গুৱাহাটীৰ চান্দমাৰীৰ বাসগৃহক লৈয়ো সন্দেহ প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে।

তেওঁ কয় ‘দৈয়াং টেঙানিৰ কৃষকসকলক মাটি দিব নোৱাৰিলে যদিও অখিল গগৈয়ে গুৱাহাটীত ঘৰে -মাটিয়ে কৰিলে। তেওঁ কেনেকৈ গুৱাহাটীত ইমান মাটি-বাৰী ক্ৰয় কৰিব পাৰিলে? গুৱাহাটীত ঘৰ-মাটি কৰাটো ধেমালি কথা নহয় কিন্তু।‘

‘অখিল গগৈয়ে কাজিৰঙাৰ বেদখলকাৰীসকলৰ পক্ষত থিয় দিছিল। তেওঁ কাজিৰঙাৰ অৰ্কিড উদ্যানখন কিন্তু সুন্দৰকৈ কৰিলে।‘ গগৈক কটাক্ষ কৰি গোস্বামীয়ে কয়।

অখিল গগৈক কৰা এই কটাক্ষৰ পাছত গগৈৰ প্ৰতিক্ৰিয়া কি হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব।

ইপিনে, তেওঁৰ মতে ‘SI পৰীক্ষা কেলেংকাৰী নহয়, বেমেজালিহে। কংগ্ৰেছৰ দিনত পিছ দুৱাৰেদি চাকৰি লৈ আমাৰ চৰকাৰৰ দিনত জেইলৰ ভাত খোৱাটোকহে কেলেংকাৰী বুলি কয়।’

‘এচাম দুষ্স্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোক বিফল হ’ল। টীম অসমে দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যুঁজ দি আছে। বিজেপি দল কোনো অপৰাধীৰ লগত নাই।’ সংবাদমেলত গোস্বামীয়ে এইদৰে কয়।