NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: অসামৰিক নাগৰিকে আশ্ৰয় লোৱা মছজিদত আক্ৰমণ ৰাছিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2022 5:28 pm
Russia-Ukraine war

তৃতীয় সপ্তাহত উপনীত হোৱা যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰ চাপিছে ৰাছিয়ান সেনা বাহিনী। যুদ্ধৰ বিভীষিকাৰ মাজতে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেইবাখনো চহৰৰ অসামৰিক অঞ্চলতো আক্ৰমণ চলাইছে বুলি অভিযোগ কৰিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত সাধাৰণ নাগৰিকে আশ্ৰয় লৈ থকা এটা মছজিদত ৰাছিয়া আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাছিয়ান সেনা বাহিনীয়ে মাৰিঅ’পোলৰ এটা মছজিদ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মছজিদটোত ৮০ জন সাধাৰণ লোকে আশ্ৰয় লৈ আছিল বুলি মন্ত্ৰালয়ে লগতে কয়।

“মাৰিঅ’পোলৰ চুলতান সুলেইমান আৰু তেওঁৰ পত্নী ৰক্সোলানাৰ মছজিদত ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে। তুৰস্কৰ নাগৰিকসহ ৮০ জনতকৈও অধিক প্ৰাপ্তবয়স্ক লোক আৰু শিশু মছজিদটোত আশ্ৰয় লৈ আছিল।” ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে এক টুইট যোগে এইদৰে কয়।

তদুপৰি ৰাছিয়াৰ ৰকেট আক্ৰমণে আজি কিয়েভৰ ভাচিলকিভ চহৰৰ ওচৰত থকা ইউক্ৰেইনৰ এটা এয়াৰবেচ ধ্বংস কৰে।

ভাচিলকিভৰ মেয়ৰ নাটালিয়া বালাচিনোভিচে কয় যে ৰকেট আক্ৰমণে এটা অস্ত্ৰ ভাণ্ডাৰৰো বিস্তৰ ক্ষতিসাধন কৰে।