NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াই দিছে ভাল খৱৰ: সাধাৰণ নাগৰিকক দিবলৈ আৰম্ভ কৰা হৈছে কৰ’নাৰ ভেকচিন ‘স্পুটনিক-ভি’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2020 8:02 am
WhatsApp Image 2020-09-25 at 7.34.45 AM

গোটেই বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে। সমগ্ৰ বিশ্বতে এতিয়ালৈকে ৩.২২কোটি লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

কৰ’না ভাইৰাছৰ ভেকচিনক লৈ গোটেই বিশ্ব উদ্বিগ্ন হৈ থকাৰ মাজতে ৰাছিয়াই প্ৰথমটো ভেকচিন প্ৰস্তুত কৰি তোলাৰ দাবী কৰিছিল।

ৰাছিয়াৰ কৰ’না ভাইৰাছৰ ভেকচিন ‘স্পুটনিক-ভি’ক লৈ বিশ্বৰ বিজ্ঞানীমহলত সন্দেহৰ সৃষ্টি হোৱাৰ লগতে ইয়াৰ কাৰ্যকৰিতা সম্পৰ্কে প্ৰশ্নও উত্থাপন হৈছিল।

ইয়াৰ মাজতে ৰাছিয়াই দেশখনৰ সাধাৰণ নাগৰিকক কৰ’না ভেকচিন দিয়াৰ কাম আৰম্ভ কৰিছে।

ৰাছিয়াই দাবী কৰি আহিছে যে কৰ’না ভাইৰাছৰ এই সংকটৰ সময়ত কৰ’নাক সমাপ্ত কৰিবলৈ ইয়াৰ ভেকচিন ‘স্পুটনিক-ভি’ কাৰ্যকৰী প্ৰমানিত হ’ব।

এনে সন্ধিক্ষণতে ৰাছিয়াই এতিয়া ইয়াৰ জনসাধাৰণৰ বাবে কৰ’নাৰ ভেকচিন উলিয়াই দিছে।

বাতৰি অনুসৰি, কৰ’নাৰ ভেকচিন স্পুটনিক-ভি প্ৰথমতে দেশখনৰ ৰাজধানী মস্কোৰ নাগৰিকসকলৰ বাবে সহজলভ্য কৰি তোলা হৈছে।

উল্লেখ্য যে যোৱা আগষ্ট মাহত ৰাছিয়াৰ গামালেয়া ছাইন্টিফিক ৰিচাৰ্ছ ইনষ্টিটিউটে ‘স্পুটনিক-ভি’ ভেকচিন মুকলি কৰিছিল।

ৰাছিয়াই বৰ্তমান এই ভেকচিন আন দেশলৈও যোগান দিয়াৰ বিষয়ে পৰিকল্পনা কৰিছে। ভাৰতেও ৰাছিয়াৰ এই ভেকচিন পোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।