NORTHEAST NOW (Assamese)
অসম

কিয় দেশখনত ফেচবুক-টুইটাৰ নিষিদ্ধ কৰিলে ৰাছিয়াই? ‘মেটা’ৰ কি প্রতিক্রিয়া?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2022 10:05 am
WhatsApp Image 2022-03-05 at 12.52.33 PM

ৰাছিয়াৰ চৰকাৰে দেশখনত ফেচবুক আৰু টুইটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।ৰাছিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থা ৰস্কোমনাজে এইকথা জানিবলৈ দিছে। কিন্তু কিয় এই সিদ্ধান্ত ল’লে মস্কো প্ৰশাসনে?

বিগত সপ্তাহত ইউৰোপীয় ইউনিয়ন তথা ব্ৰিটেইনত ৰাছিয়াৰ একাধিক সংবাদ মাধ্যমৰ পেজসমূহ ফেচবুক আৰু ইনষ্টাগ্ৰামে অঁতৰাই দিছিল।

বিষয়টো ৰস্কমনাজৰ দৃষ্টিলৈ অহাৰ পিছতে ফেচবুকৰ ওপৰত প্ৰতিশোধ ল’বলৈকে ৰাছিয়াৰ চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি বিভিন্ন সংবা মাধ্যমত চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক: ‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

তদুপৰি, শুকুৰবাৰে ৰাছিয়াৰ চৰকাৰে যুদ্ধ সম্পৰ্কীয় ভুৱা খবৰ বিয়পোৱাক অপৰাধ হিচাপে গণ্য কৰাৰ এখন বিধেয়ক গৃহীত কৰে। ইয়াৰ আওতাতে ফেচবুক আৰু টুইটাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা বুলি কোৱা হৈছে।

ৰস্কোমনাজৰ এটা বিবৃতিত কোৱা হৈছে,’’২০২০চনৰ অক্টোবৰ মাহৰ পৰাই ফেচবুকে ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে বৈষম্যমূলক আচৰণ কৰিছে।তদুপৰি, ৰাছিয়া-টুডেৰ দৰে প্ৰসিদ্ধ বিভিন্ন সংবাদ মাধ্যমৰ পেজসমূহ ফেচবুকৰ পৰা অঁতৰাই দিয়া হৈছে।‘’

যোৱা সপ্তাহত ৰাছিয়াই অভিযোগ কৰিছিল যে ফেচবুকে ৰাছিয়াৰ নাগৰিকসকলৰ অধিকাৰ তথা স্বাধীনতা খৰ্ব কৰিছে।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

ইপিনে, এই সন্দৰ্ভত ‘মেটা’ৰ বৈদেশিক বিষয়ক শীৰ্ষ বিষয়া নিক ক্লেগে কয় যে এনে পদক্ষেপৰ দ্বাৰা ৰাছিয়াৰ সাধাৰণ নাগৰিকসকলক নিৰ্ভৰযোগ্য আৰু সঠিক তথ্য লাভৰ পৰা ৰাছিয়াৰ চৰকাৰে বঞ্চিত কৰিলে। জনসাধাৰণৰ কণ্ঠৰোধ কৰা বুলিও দাবী কৰে বিষয়াগৰাকীয়ে।