NORTHEAST NOW (Assamese)
অসম

‘RS-18’:আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পৰা মিছাইল সাজি উলিয়ালে ৰাছিয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2021 12:06 pm
Russia is planning to flight test new mis

আমেৰিকা আৰু ৰাছিয়াৰ মাজত পুনৰ গা কৰি উঠিছে শীতল যুদ্ধই।

ৰাছিয়াৰ প্ৰতিটো কামতে বিধি-পথালি দি অহা আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ব্যাপক সমৰসজ্জা গঢ়ি তুলিছে ৰাছিয়াই।

ৰাছিয়াৰ পৰমাণু বিজ্ঞানীসকলে এতিয়া ‘RS-18’ নামৰ এবিধ অত্যাধুনিক মিছাইল সাজি উলিয়াইছে।

এই মিছাইল বিধে মুহূৰ্ততে আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পাৰিব।

৬২০০  মাইল ব্যাসাৰ্দ্ধত আঘাত হানিবলৈ সমৰ্থ এই মিছাইল বিধৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ চলি আছে আৰু পৰীক্ষণৰ পিছতে মিছাইলবিধ ৰাছিয়াৰ সেনাৰ হাতত তুলি দিয়া হ’ব এই মিছাইল।

১০০ টন ওজনৰ এই মিছাইল বিধে আনকি ফ্ৰান্সো ধ্বংস কৰি দিব পাৰিব।

উল্লেখ্য ট্ৰাম্পৰ শাসন কালতে আমেৰিকাই ২০১৯ চনত স্বাক্ষৰিত ‘Intermediate-Range Nuclear Forces Treaty’ ৰ পৰা ওলাই আহিছিল।

ইয়াৰ ফলত ৰাছিৰ প্ৰতিৰক্ষাৰ প্ৰতি আমেৰিকাই ভাবুকিৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছিল।এনে পৰিস্থিতিৰ মাজতে ৰাছিযাই আমেৰিকা ধ্বংস কৰি দিব পৰা মিছাইল সাজি উলিওৱা বুলি অনুমান কৰা হৈছে।

যদি বিডেনৰ শাসন কালতো যদি আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক উন্নত নহয় তেন্তে দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা মুঠেও শাম কটাৰ সম্ভাৱনা নাই বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।