NORTHEAST NOW (Assamese)
অসম

‘যুদ্ধ বন্ধ কৰা’, ৰাছিয়া-ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ‘নিৰ্দেশ’ ভাৰতীয় সাধুৰ, ভাইৰেল ভিডিঅ’ই দিছে বহুতকে আমোদ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 4, 2022 6:15 pm

ৰাষ্ট্ৰসংঘই নোৱাৰা কাম এটাই যেন কৰিবলৈ ওলাইছে ভাৰতৰ এজন সাধুৱে।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ থমকি ৰোৱাৰ কোনো আশা এতিয়া দেখা যোৱা নাই।

বৰঞ্চ যুদ্ধ আগতকৈ তীব্ৰতৰহে উঠি উঠিছে। এনে সময়তে ভাৰতৰ এজন সাধুৱে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধ বন্ধ কৰিবলৈ ‘নিৰ্দেশ’ দিয়াৰ এক ভিডিঅ’ম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সাধুগৰাকীৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে আৰু হাজাৰ হাজাৰ মানুহে সেয়া ৰিটুইট কৰিছে।

ভিডিঅ’টোত ভাৰতৰ সাধুগৰাকীয়ে ইউৰোপীয় দেশসমূহক যুদ্ধ ‘বন্ধ’ কৰিবলৈ ‘নিৰ্দেশ’ দিয়াৰ পদ্ধতিয়ে বহুতকে বেছ আমোদ দিছে।

ভাৰতীয় সাধুগৰাকীয়ে ৩৮ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপটোত “ৰাছিয়া ৰুক জায়ে” বুলি কোৱা দেখা গৈছে। তেওঁ কৈছে—’ ইউক্ৰেইন ঝুক জায়ে… এইটো মোৰ আদেশ, যুদ্ধ বন্ধ কৰক!” তদুপৰি, তেওঁক হিন্দীতে কোৱা শুনা গৈছে— “ৰুছ মহান হে, ইচলিয়ে যুধ ৰোকে। ইউক্ৰেইন নে গল্টি কিয়া হে, ইচলিয়ে ইউক্ৰেইন শ্বামা মাংগে। ইচি মে সবকী ভলায় হ্যে। তভি মহাবিনাশ হোনে চে ৰুক সকতা হে (ৰাছিয়া মহান, গতিকে ই যুদ্ধ বন্ধ কৰা উচিত। ইউক্ৰেনে এটা ভুল কৰিছে, সেয়েহে ই ক্ষমা বিচাৰিব লাগে। এইটো সকলোৰে বাবে লাভজনক আৰু তেতিয়াহে এই দুৰ্যোগ বন্ধ কৰিব পৰা যাব।”

গৌৰৱ সিং চেংগাৰ নামৰ লোকজনে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে সেয়া ভাইৰেল হৈ পৰিছে।