NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 4, 2025 8:30 pm

শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ বিষয়াসকলে জনোৱা মতে ৰাছিয়াই নিশাৰ ভিতৰতে কৰা ভয়াৱহ আক্ৰমণৰ পিছত কিয়েভ ধোঁৱাই আৱৰি ধৰিছিল।

ইউক্ৰেইনে কয় যে আন্ধাৰ হোৱাৰ লগে  ড্ৰনৰ শব্দ আৰু বৃহৎ বিস্ফোৰণৰ শব্দই অনুৰণন কৰিবলৈ আৰম্ভ কৰে। ৰাছিয়াই ৫৫০টা ড্ৰন আক্ৰমণ চলাই নিশাৰ ভিতৰতে ১১টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা ফোন কথোপকথনৰ কেইঘণ্টামানৰ পিছতে সংঘটিত হয়।

এই কথা-বতৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ শেষ কৰিবলৈ পুটিন সাজু নহয় বাবে তেওঁ “হতাশ হৈছে।বৃহস্পতিবাৰে পুটিনৰ সৈতে আলোচনাৰ অন্তত ট্ৰাম্পে কয় যে যুদ্ধৰ অন্ত পেলোৱাৰ দিশত “কোনো অগ্ৰগতি” হোৱা নাই। ৰাছিয়াত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণত এগৰাকী মহিলা নিহত হোৱা বুলি বিষয়াসকলে জনায়।