NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ খৱৰ! ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত; দাবী ইউক্ৰেইনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2023 2:58 pm
যুদ্ধৰ খৱৰ! ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত; দাবী ইউক্ৰেইনৰ

ইউক্ৰেইনৰ কিয়েভ অঞ্চলত ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কমেও আঠজন লোক নিহত হৈছে। এই ঘটনাত আন সাতজন আহত হয়। ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাই অভিযোগ কৰিছে যে ৰাছিয়াই বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এই আক্ৰমণ চলাইছিল।

তেওঁলোকৰ বিবৃতিটোত কোৱা হৈছে যে বুধবাৰে সন্ধিয়া ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত আঠজন লোক নিহত, ৭ জন আহত আৰু এজনক উদ্ধাৰ হয়।

তদুপৰি, ধ্বংসস্তূপৰ তলত চাৰিজন লোক আছে বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

ৰাজ্যিক জৰুৰীকালীন সেৱাই সদৰী কৰা মতে, ৰাছিয়াৰ এটা ড্ৰোনে কিয়েভৰ ৰাজধানীৰ পৰা প্ৰায় ৫০ মাইল দক্ষিণ-পূবত ৰেজিশ্চিভ চহৰৰ এটা আৱাসিক ভৱনত আঘাত কৰিছিল।

কিয়েভৰ আৰক্ষী প্ৰধান এণ্ড্ৰি নেবিটভে কয় যে ৰেজিশ্চিভ চহৰৰ এটা ছাত্ৰাবাস অট্টালিকাত এটা ড্ৰোনে খুন্দা মাৰিছিল। নেবিটভে জনায় যে আক্ৰমণৰ পিছত ২০০ তকৈও অধিক বাসিন্দাক স্থানান্তৰ কৰা হয়।