NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী October 28, 2023 8:53 am

মাতৃত্ব প্ৰাপ্তি প্ৰতিগৰাকী নাৰীৰ বাবে এক বিশেষ অনুভুতি তথা অভিজ্ঞতা। কিন্তু এই যাত্ৰা সহজ নহয়। গৰ্ভাৱস্থাত মহিলাসকলে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে বহুতো সমস্যাৰ মাজেৰে পাৰ হয়। গৰ্ভধাৰণৰ পিছত মাতৃ হিচাপে তেওঁৰ দায়িত্ব আৰু বাঢ়ি যায়। এই কাৰণেই আজিকালি মহিলাসকলে এটাতকৈ অধিক সন্তান নিবিচাৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে এগৰাকী ৰাছিয়ান মহিলা কেৱল এটা বা দুটা নহয়, ২২টা সন্তানৰ মাতৃ আৰু এতিয়া তেওঁৰ বয়স মাত্ৰ ২৬ বছৰ। ৰাছিয়ান মহিলাগৰাকীৰ নাম ক্ৰীষ্টিনা অজতুৰ্ক। তেওঁ জৰ্জিয়াত থাকে। তেওঁৰ ২২টা সন্তান আছে, কিন্তু তেওঁ এই সংখ্যাটো তিনিটা অংকলৈ লৈ যাব বিচাৰে। অৰ্থাৎ সন্তানৰ ক্ষেত্ৰত তেওঁ শতক অৰ্জন কৰিব বিচাৰে।

ফটোঃ সংগ্ৰহীত।

২৬ বছৰীয়া এগৰাকী মহিলাই কেনেকৈ ২২টা সন্তান জন্ম দিব পাৰে সেই কথা শুনি বহুতে আচৰিত হ’ব। গোটেই কথাটো কি এবাৰ জানি লওক।

ক্ৰীষ্টিনাৰ ডাঙৰ কন্যাৰ বয়স ৯ বছৰ। নাম ভিক্টোৰিয়া। স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰি ডাঙৰ কন্যা সন্তানটোৰ জন্ম দিয়ে। তাৰ পিছত চেৰ’গেচিৰ (ভাৰাতীয়া মাতৃ) জৰিয়তে ২১টা সন্তানৰ জন্ম হয়। ২০২০ চনত ২১ টা শিশুৰ ভিতৰত ২০ টা সন্তানৰ জন্ম হৈছিল। প্ৰতিটো শিশুক তেওঁ বৰ ভাল পায়।

ফটোঃ সংগ্ৰহীত।

কনিষ্ঠা কন্যা অলিভিয়াৰ জন্ম হৈছিল ২০২১ চনত। মহিলাগৰাকীয়ে কয় যে তেওঁৰ কোটিপতি স্বামীৰ পৰা ১০৫টা সন্তান বিচাৰে।

তেওঁৰ স্বামী তেওঁৰ তুলনাত ৩২ বছৰ ডাঙৰ। ৫৮ বছৰীয়া গালিপ অজতুৰ্ক  হোটেলৰ মালিক। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ বিৰুদ্ধে আছে অবৈধ ঔষধ ক্ৰয় কৰাৰ অভিযোগ।

ফটোঃ সংগ্ৰহীত।

চেৰ’গেচিৰ সহায়ত এই দম্পতীহালে নিজৰ সন্তানক পৃথিৱীলৈ আদৰি লৈছে, যাৰ ফলত গালিপে জেলত থকাৰ পিছতো পিতৃ হ’ব পাৰিব।