NORTHEAST NOW (Assamese)

ক্ৰিকেট ফিল্ডত পুনৰ নামিব মহান বেটছমেন শচীন-লাৰা; খেলিব টি-২০

October 16, 2019 8:52 am · এন ই নাও নিউজ
ফটো উৎস : হিন্দুষ্টান টাইমছ

মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ আৰু কেৰিবিয়ান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ সমৰ্থক সকলৰ বাবে ভাল খবৰ। পুনৰ এবাৰ এই দুগৰাকী মহান ক্ৰিকেটাৰক দেখা পোৱা যাব খেলপথাৰত।

উল্লেখ্য যে অহা বছৰ ভাৰতত হ’ব লগীয়া বিশ্ব পথ সুৰক্ষা সম্পৰ্কীয় এটা টি-২০ ক্ৰিকেট শৃংখলাত অংশ ল’ব এই দুগৰাকী ক্ৰিকেটাৰে।

টি-২০ শৃংখলাটোত বিশ্বৰ পাঁচখন দেশৰ অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰে অংশ ল’ব। দেশ কেইখন হৈছে ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ।

অহা বছৰৰ ২ৰ পৰা ১৬ ফেব্ৰুৱাৰিলৈ চলিব লগীয়া এই টুৰ্ণামেণ্টত শচীন, লাৰা, বীৰেন্দ্ৰ সেহৱাগ, ব্ৰেট লী, তিলকৰত্নে দিলছান, জণ্টি ৰোডছৰ লগতে আন বহুতো জনপ্ৰিয় ক্ৰিকেটাৰে অংশ ল’ব।

উল্লেখ্য যে পথ সজাগতাৰ উদ্দেশ্যে আয়োজন কৰা ক্ৰিকেট শৃংখলাটোৰ এখন মেচ গুৱাহাটীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত আয়োজকে স্থান সমূহ ঘোষণা কৰা নাই।

Related News