NORTHEAST NOW (Assamese)

ক’ৰ’না মহামাৰীৰ পাছত ক্ৰিকেটৰ পথাৰত খেলুৱৈৰ আনন্দ প্ৰকাশৰ শৈলী সলনি হ’ব : শচীন টেণ্ডুলকাৰ

April 24, 2020 12:01 am · এন ই নাও নিউজ
শচীন টেণ্ডুলকাৰ। ফটো : এ পি

ক’ৰ’না ভাইৰাছ মহামাৰীৰ পাছত ক্ৰিকেটৰ পথাৰত ব’ল চাইনিং আৰু খেলুৱৈ সকলৰ উল্লাস প্ৰদৰ্শনৰ শৈলী সলনি হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন টেণ্ডুলকাৰে।

ক’ৰ’না ভাইৰাছ মহামাৰীৰ পাছত প্ৰতিজন ব্যক্তিয়ে সামাজিক দূৰত্ব সম্বন্ধে সজাগ হ’ব আৰু ক্ৰিকেটৰ পথাৰত উইকেট পতন হোৱাৰ পাছত ইজনে সিজনক আলিংগন কৰা আদি ধৰণৰ আনন্দ প্ৰকাশ কম হ’ব বুলি শচীনে লগতে কয়।

ক্ৰিকেটাৰ সকলে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী নীতি-নিৰ্দেশনা সমূহ সঠিকভাৱে ৰূপানয়ত গুৰুত্ব আৰোপ কৰাৰ ফলতে খেলপথাৰতো খেলুৱৈ সকলৰ আচৰণত এই প্ৰভাৱ সমূহ পৰিস্ফুত হ’ব বুলি ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ আন এগৰাকী উজ্বল নক্ষত্ৰ অলিম্পিক পদক বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰায়ো ক’ৰ’না মহামাৰীৰ পাছৰ সময় ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব বুলি উল্লেখ কৰি ভাৰতে নিজাকৈ আন্তঃগাঠনি উন্নয়ন আৰু প্ৰশিক্ষক নিযুক্তিত গুৰুত্ব আৰোপ কৰিব বুলি মত প্ৰকাশ কৰিছিল।

Related News