NORTHEAST NOW (Assamese)
ক্ৰীড়া

টেণ্ডুলকাৰে মুকলি কৰিলে দীপা কৰ্মকাৰৰ আত্মজীৱনী

Posted by: এন ই নাও নিউজ January 23, 2019 4:47 pm
dipa karmakar

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে মঙলবাৰে মুম্বাইত ত্ৰিপুৰাৰ তাৰকা জিমনাষ্টিক দীপা কৰ্মকাৰৰ আত্মজীৱনী ‘দ্য স্মল ৱানডাৰ’ মুকলি কৰে।

দেশৰ বিশিষ্ট সাংবাদিক দিগবিজয় সিঙে ৰচনা কৰা আত্মজীৱনীখনত জিমনাষ্টিক গৰাকীৰ জীৱনৰ উত্থান-পতন খিনিক অতি সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে।

টেণ্ডুলকাৰে তাৰকা জিমনাষ্টিক গৰাকীৰ প্ৰসংগত কয় যে  যি সকল যুৱ প্ৰজন্মই দেশৰ বাবে কিবা এটা কৰিব বিচাৰে, তেওঁলোকৰ বাবে দীপা কৰ্মকাৰ আদৰ্শস্বৰূপ।

২০১৬ ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ২৫ বছৰীয়া জিমনাষ্টিক গৰাকীয়ে আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে মাৰ্চত অলিম্পিকৰ বাবে প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।