NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বকাপ বিজয়ৰ ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে ‘ল’ৰিয়ছ স্প’ৰ্টিং মোমেণ্ট’ এৱাৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 10:21 am

‘ক্ৰিকেটৰ ভগৱান’ৰূপে বিশ্বত পৰিচিত মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক ল’ৰিয়ছ স্প’ৰ্টিং ম’মেণ্ট এৱাৰ্ড ২০০০-২০২০ সন্মানেৰে সন্মানিত কৰা হয়।

নিজৰ ঘৰৰ মাটিত ২০১১ বিশ্বকাপ বিজয়ৰ পিছতেই শচীন টেণ্ডুলকাৰক তেওঁৰ সতীৰ্থ খেলুৱৈসকলে কান্ধত উঠাই গোটেই ষ্টেডিয়াম ঘূৰাই লোৱা সেই দৃশ্যটো যোৱা ২০ বৰ্ষৰ ‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ হিচাপে বিবেচিত হৈছে।

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ সমৰ্থনৰ লগতে শচীনে এই সন্মানৰ বাবে অধিক ভোট লাভ কৰিছে।

নিজৰ ষষ্ঠ আৰু শেষ বিশ্বকাপত অংশ লোৱা শচীনৰ বিশ্বকাপ বিজয়ৰ সপোন পূৰণ হৈছিল, যেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে ফাইনেলত শ্ৰীলংকাৰ বলাৰ নুৱান কুলাচেকৰাৰ বলত ছয় কোবাই ভাৰতক চেম্পিয়ন কৰোৱাইছিল।

২০১১ৰ ২ এপ্ৰিলত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বিজয়ী হোৱাৰ পিছতেই শচীনক সতীৰ্থ খেলুৱৈসকলে কান্ধত উঠাই গোটেই ষ্টেডিয়ামখন ঘূৰাই দৰ্শকৰ অভিবাদন লৈছিল।

tendulkar_world_cup_
হাতত তিনি ৰঙৰ পতাকা লৈ সতীৰ্থৰ কান্ধত উঠি থকা শচীনৰ সেই বিশেষ ফটোখন।

হাতত তিনিৰঙৰ পতাকা লৈ বিৰাট কোহলীৰ কান্ধত উঠি থকা শচীনৰ সেই ছবিখন ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।

উল্লেখ্য যে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ই শচীনৰ নাম ঘোষণা কৰে আৰু বঁটাটি প্ৰদান কৰে টেনিছৰ কিম্বদন্তী ব’ৰিছ বেকৰে।

বঁটা গ্ৰহণ কৰি শচীনে সকলোকে ধন্যবাদ জনায়।