NORTHEAST NOW (Assamese)

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ মুম্বাইৰ বিশিষ্ট ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চাণ্ডোকৰ সৈতে বাগদান সম্পন্ন কৰে। এই বাগদান অনুষ্ঠানত দুয়োপক্ষৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ২৫ বছৰীয়া অৰ্জুন ঘৰুৱা ক্ৰিকেটত গোৱাক প্ৰতিনিধিত্ব কৰা বাওঁহাতৰ ফাষ্ট বলিং অলৰাউণ্ডাৰ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ হৈয়ো খেলিছে। ২০২০/২১ ছিজনত মুম্বাইৰ সৈতে ঘৰুৱা কেৰিয়াৰ আৰম্ভ কৰিছিল, হাৰিয়ানাৰ বিৰুদ্ধে টি-২০ মেচত অভিষেক ঘটাইছিল। ইয়াৰ পূৰ্বে জুনিয়ৰ পৰ্যায়ত মুম্বাইক প্ৰতিনিধিত্ব কৰি ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলত স্থান অৰ্জন কৰিছিল। ২০২২/২৩ ছিজনত তেওঁ গোৱালৈ গুচি যায় আৰু তাৰ পৰাই তেওঁ প্ৰথম শ্ৰেণী আৰু লিষ্ট এত অভিষেক ঘটায়।

ৰেড বল ক্ৰিকেটত অৰ্জুনে ১৭খন মেচত অংশগ্ৰহণ কৰি ৫৩২ ৰান সংগ্ৰহ কৰিএটা শতক আৰু দুটা পঞ্চাশ ৰানকে ধৰিআৰু ৩৭টা উইকেট দখল কৰিছে, যত এটা পাঁচ উইকেট আৰু দুটা চাৰি উইকেটৰ হল আছে। গোৱাৰ হৈ লিষ্ট এ ক্ৰিকেটত ১৭খন মেচ খেলি ৯ ইনিংছত ৭৬ ৰান সংগ্ৰহ কৰে। আই পি এলত তেওঁ মুম্বাই ইণ্ডিয়ানছক ৫খন মেচত প্ৰতিনিধিত্ব কৰি ৭৩টা ডেলিভাৰী বলিং কৰি গড়ে ৩৮.০০ ৰানত তিনিটা উইকেট দখল কৰি শ্ৰেষ্ঠ সংখ্যা ১/৯। তেওঁ ইকনমি ৰেট ৯.৩৬ আৰু ষ্ট্ৰাইক ৰেট ২৪.৩ বজাই ৰাখিছে। বেটৰ জৰিয়তে তেওঁৰ সুযোগ সীমিত হৈ পৰিছে, ১৪৪.৪৪ ষ্ট্ৰাইক ৰেটত ৯ বলত ১৩ ৰান সংগ্ৰহ কৰি শীৰ্ষ ১৩ ৰান সংগ্ৰহ কৰিছে।

Related News