NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কৰ’নাত আক্ৰান্ত বিজেপিৰ তৃতীয়জন বিধায়ক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 11, 2020 10:00 am
WhatsApp Image 2020-07-11 at 9.28.09 AM

ৰাজ্যত মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বিজেপিৰ তৃতীয়জন বিধায়ক।

শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আক্ৰান্ত হৈছে কোভিড-১৯ পজিটিভত।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনাইছে এই কথা।

আজি পুৱাৰ ভাগত স্বাৱ পৰীক্ষাৰ ফলাফল আহে বিধায়কজনৰ।

কেইদিনমানৰ পৰা জ্বৰ কাহত আক্ৰান্ত হৈ আছিল বিধায়কজন।

বৰ্তমান তেওঁ তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

চেতিয়াৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাৱ সংগ্ৰহ কৰা হ’ব। লগতে তেওঁৰ সংস্পৰ্শলৈ অহা বিষয়া কৰ্মচাৰীৰো স্বাৱ সংগ্ৰহ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পল আৰু বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ৰাজ্যত বৰ্তমানলৈকে ১৫৫৩৬ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে ৯৮৪৮ গৰাকী লোক ক’ৰ’ণামুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমানলৈকে ৩৫ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।