NORTHEAST NOW (Assamese)
অসম

Cattolica Chess Festival ইটালীৰ কাটোলিকা দবা প্ৰতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে অসমৰ চাহিল দে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 12, 2022 3:30 pm

অসমৰ চাহিল দেই গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে।

৪ জুনৰ পৰা ১১জূন, ২০২২লৈ ইটালীৰ কাটোলিকা চহৰত অনুষ্ঠিত হোৱা কাটোলিকা দবা প্ৰতিযোগিতাত (Cattolica Chess Festival) ৯ ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

ইটালীৰ গ্ৰেণ্ডমাষ্টাৰ চাবিনো ব্ৰুনেলোই ( Sabino Brunello)৭ পইণ্টেৰে প্ৰথম স্থান আৰু জৰ্জিয়াৰ গ্ৰেণ্ডমাষ্টাৰ লেভান পেণ্টচুলাইয়াই ৬.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।

এই ফলাফলেৰে চাহিলে প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰে।

আৰু দুটা নৰ্ম অৰ্জন কৰিলে আৰু ৰেটিং পইণ্ট ২৫০০ লৈ বৃদ্ধি কৰিলে গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰিব। চাহিলৰ বৰ্ত্তমান ৰেটিং ২৩৬৬।

চাহিলৰ এই কৃতিত্বৰ বাবে সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থা আৰু গুৱাহাটী দবাএকাডেমীয়ে অভিনন্দন জনাইছে ।