NORTHEAST NOW (Assamese)
অসম

শচীনে পাঁচটা ত্ৰিশতক আৰু দহটা অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল : কপিল দেৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 1:41 pm

১৯৮৩ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰে কেনেদৰে শতকক দ্বিশতক আৰু ত্ৰিশতকলৈ ৰূপান্তৰ কৰিব লাগে সেয়া নাজানিছিল বুলি মন্তব্য কৰে।

”শচীনে কেনেদৰে শতকক দ্বিশতক আৰু ত্ৰিশতকলৈ ৰূপান্তৰ কৰিব লাগে সেয়া নাজিনিছিল। শচীনে পাঁচটা ত্ৰিশতৰাণ আৰু দহটা অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল,” কপিল দেৱে কয়।

বেগী বলাৰ আৰু স্পীনাৰক সমান দক্ষতাৰে খেলিব পৰা আৰু অভাৰত এটাকৈ হলেও বাউণ্ডেৰী কোবাব পৰা সক্ষমতাৰ বাবেই শচীনে পাঁচটা ত্ৰিশতৰাণ আৰু অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল বুলি কয়।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতত প্ৰথম গৰাকী বেটছমেন হিচাপে শতৰাণৰ শতক অৰ্জন কৰা শচীন টেণ্ডুলকাৰৰ কেৰিয়াৰত এটাও ত্ৰিশতকীয় ইনিংছ নায়।

কলিপ দেৱ ১৯৮৩ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক থকাৰ বিপৰীতে শচীন টেণ্ডুলকাৰ ২০১১ বিশ্বকাপ বিজয়ী ক্ৰিকেট দলৰ সদস্য আছিল।