NORTHEAST NOW (Assamese)
অসম

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুত কাৰ্বি কবি সন্মিলন

Posted by: নংনি টেৰাং March 16, 2019 8:17 pm
সাহিত্য একাডেমিৰ উদ্যোগত ডিফুত কাৰ্বি কবি সন্মিলন

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুৰ লৰুলাংছোস্থিত ৰংছিনা ছাৰ্পো প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি কবি সন্মিলন অনুষ্ঠিত হয়।

আজিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাহিত্য একাডেমি বঁটা বিজয়ী প্ৰেমানন্দ মোছাহাৰীয়ে কয়, ‘কাৰ্বিৰ দৰে পিছপৰি থকা ভাষাসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাহিত্য একাডেমিয়ে লোৱা পদক্ষেপ প্ৰশংসাৰ যোগ্য।‘

পশ্চিম কাৰ্বি-আংলং জিলাৰ ভোঠালাংছো আৰু হামৰেনটো সাহিত্য একাডেমিৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ কাৰ্বিসকলক এই মঞ্চৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সহকাৰী উপাচাৰ্য শুভাসিশ বিশ্বাসে কাৰ্বি লেখকসকলক নিজৰ বিষয়ে লিখিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত তেওঁ অনুবাদৰ গুৰুত্বপুৰ্ণ ভুমিকাৰ কথা উল্লেখ কৰে।

কাৰ্বি লামেট আমেইৰ উপদেষ্টা সিদ্ধিনাথ ৰংপি, অধ্যাপক ড০ লিভছন ৰংপি তথা কেইবাগৰাকী যুৱ কবি আৰু লেখকে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ লয়।