NORTHEAST NOW (Assamese)
Popular Stories

Sakshi Malik Wins Gold in CWG: স্নায়ুযুঁজত প্ৰতিপক্ষক ধৰাশায়ী কৰি মল্লযুঁজত স্বৰ্ণ জয় সাক্ষী মালিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2022 9:04 am

Sakshi Malik Wins Gold in Women’s Wrestling for India বজৰং পুনিয়াৰ পিছত এইবাৰ সাক্ষী মালিক। মাত্ৰ কেইমিনিটমানৰ ব্যৱধানত মল্লযুঁজত ভাৰতৰ বাবে দ্বিতীয়টো স্বৰ্ণ আনিলে সাক্ষী মালিকে। সাক্ষীয়ে ৬২ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক জয় কৰে।

দীৰ্ঘদিন ধৰি আঘাতৰ বাবে ভূগি থকা সাক্ষী মালিকৰ বাবে এইবাৰ কমনৱেলথ গেমছ আছিল পুনৰ প্ৰত্যাৱৰ্তনৰ মঞ্চ। সেই মঞ্চত উজলি উঠিল সাক্ষী। প্ৰথম ৰাউণ্ডত ০-৪ ত পিছ পৰি থকাৰ পিছতো সাক্ষীয়ে কানাডাৰ গডিনেজ গঞ্জালেছক পৰাজিত কৰি সোণৰ পদক আজুৰি আনে।

স্বৰ্ণ মুহূৰ্ত। প্ৰতিপক্ষৰ বিৰুদ্ধে সাক্ষী মালিকৰ শক্তিশালী আক্ৰমণ।

স্বৰ্ণ পদকৰ বাবে হোৱা যুঁজৰ আৰম্ভণিতে সাক্ষীয়ে আক্ৰমণ কৰিবলৈ গৈ ভুল কৰে। প্ৰতিটো আক্ৰমণতে সাক্ষীক টেক ডাউন কৰি ২ পইণ্ট সংগ্ৰহ কৰে গডিনেজে। প্ৰথম ৰাউণ্ডত সাক্ষীয়ে একেটা ভুলৰে পুনৰাবৃত্তি কৰে। ফলত তেওঁ ২ পইণ্ট হেৰুৱাব লগা হয়। প্ৰথম ৰাউণ্ডত সাক্ষী ০-৪ ব্যৱধানত পিছ পৰি ৰয়।

দ্বিতীয় ৰাউণ্ডত সাক্ষীয়ে এটা ষ্ট্ৰোকত ৪ পইণ্ট সংগ্ৰহ কৰে আৰু কানাডিয়ান তাৰকাক ধৰাশায়ী কৰি চূড়ান্ত বাউটত (৪-৪) জয় লাভ কৰে। সাক্ষীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা সামগ্ৰিকভাৱে ভাৰতৰ বাবে আনে আঠ নম্বৰ স্বৰ্ণপদকটো।

প্ৰথমবাৰৰ বাবে সাক্ষী মালিকে কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰে। সাক্ষীয়ে ইয়াৰ আগতে ২০১৪ চনত গ্লাছগো কমনৱেলথ গেমছৰ ৫৮ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকিছিল। পিছত তেওঁ ২০১৮ চনত গোল্ড কোষ্টত ৬২ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ জিকিছিল। যোৱা ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সাক্ষী মালিক এইবাৰ স্বৰ্ণপদকেৰে উজলি উঠিল।