NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰীৰ গাঁৱত উত্তেজনা; আৰক্ষীৰ বাধা নেওচি মৃতদেহ লৈ সমদল যাত্ৰা

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ September 19, 2021 3:14 pm
kokrajhar protest final

যোৱা শনিবাৰে পুৱতি নিশা ইউ এল বিৰ সক্ৰিয় সদস্য বুলি আৰক্ষীৰ গুলীত নিহত হোৱা জৌংছাৰ মুছাহাৰীৰ মৃতদেহ বাহগৃহলৈ আহিল।

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত শালগুৰীত চেপা উত্তেজনাৰ মাজতে জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ সমদল উলিয়ালে গাঁৱৰ ৰাইজে।

জৌংছাৰ মুছাহাৰীৰ বাহগৃহৰ পৰা পিতৃয়ে কান্ধত লৈ উলিওৱা সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও ক্ষোভিত ৰাইজে নামানিলে। আৰক্ষীও হাৰ মানি সমদল যাত্ৰা কৰিবলৈ দিব লগা হ’ল।

অসম পুলিচ গ’ বেক, অসম পুলিচ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে শালগুৰী। জৌংছাৰ মুছাহাৰী বাহগৃহৰ পৰা আৰম্ভ হোৱা সমদল যাত্ৰা শালগুৰী গাঁৱৰ পথেৰে গৈ বাহগৃহলৈ উভতি আহে সমদল যাত্ৰা।

কাণ্ডত নিজৰ পুত্ৰৰ মৃতদেহ লৈ সমদল যাত্ৰাৰ পৰা পিতৃয়ে দাবী কৰিলে এই হত্যাকাণ্ডৰ ন্যায় লাগিবই। কাৰণ চেৰফাংগুৰী থানাত শুকুৰবাৰে সন্ধিয়া লগ কৰি অহা পুত্ৰক আৰক্ষীয়ে ভুৱা সংঘৰ্ষ কৰি অন্যায়ভাৱে হত্যা কৰিছে।

আনহাতে, গাঁৱৰ ৰাইজে ক্ষোভিত হৈ ক’লে জৌংছাৰ মুছাহাৰীৰ পোন্ধৰ দিনীয়া কেচুৱাৰ ভৱিষ্যৎ এতিয়া কি হব? তেওঁৰ পৰিয়াল কোনে চাব ? দিনে দিনে গাঁৱৰ নিৰ্দোষী বড়ো যুৱকক উগ্ৰপন্থী সজাই কিমান হত্যা কৰিব ?

আনহাতে, জৌংছাৰ মুছাহাৰীৰ বাহগৃহত উপস্থিত হৈ বডোলেণ্ড ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিৎ মঞ্জিল বসুমতাৰী, প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ  বিছমুটিয়াৰীয়ে এই ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰ দাবী জনায়।