NORTHEAST NOW (Assamese)

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

February 27, 2021 5:24 pm · এন ই নাও নিউজ
Updated: February 27, 2021 5:25 pm

বলিউডৰ চুপাৰষ্টাৰ চলমান খানৰ এটা অন্যতম চখ হৈছে পেইণ্টিংছ।

নিজৰ বাসভৱনত তেওঁ অঁকা পৰ্টেইটসমূহ অনুৰাগীসকলৰ বাবে পৰিচিত।

এইবাৰ তেওঁৰ পেইণ্টিছৰ ৰাজহুৱা প্ৰদৰ্শনী হ’ব।

কেৱল ইমানেই নহয়, চলমান খানৰ এখন পেইণ্টিংছ প্ৰদৰ্শিত হ’ব ভাৰতৰ প্ৰসিদ্ধ শিল্পী ৰাজা ৰবী বাৰ্মা, অৱনীন্দ্ৰনাথ ঠাকুৰ আৰু ভিএছ গাইটনাডেৰ স’তে একেলগে!

বেংগালুৰুত হ’ব লগা তেওঁৰ আৰ্ট এক্সিবিশ্বনখনক লৈ এটা টুইটযোগে অভিনেতাজনে কয় যে তেওঁ অবাক হৈছে যদিও নিজকে ধন্য অনুভৱ কৰিছে। তদুপৰি ভাৰতৰ প্ৰসিদ্ধ শিল্পীসকলৰ ছৱিৰ স’তে তেওঁৰ ছৱিও যোগ হোৱাক লৈ চন্দ্ৰত অৱতৰণ কৰাৰ দৰে অনুভৱ কৰিছে।

খবৰ অনুযায়ী, প্ৰদৰ্শিত হ’বলগা পেইণ্টিংছখনৰ নাম ‘‘ইমৰ্টেল’’। মাদাৰ টেৰেছাক বিষয় হিচাপে লৈ চুপাৰষ্টাৰজনে পেইণ্টিংছখন অংকন কৰিছিল।

উল্লেখযোগ্য যে বৰ্তমান চলমান খানে ‘‘ৰাধেঃ ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাই’’, ‘‘পাঠান’’ আৰু ‘‘টাইগাৰ২’’ নামৰ চিনেমাকেইখনৰ কামত ব্যস্ত আছে।

Related News