ছলমানৰ প্ৰাক্তন পাকিস্তানী প্ৰেমিকাৰ বিস্ফোৰণ: কোন প্ৰেমিকে চলাইছিল যৌন নিৰ্যাতন?
তেওঁ জন্মসূত্ৰে এগৰাকী পাকিস্তানী অভিনেত্ৰী, নাম ছুমী আলী। নব্বৈৰ দশকত ১৫-১৬ বছৰ বয়সত ছুমী আলীয়ে বলীউডৰ অভিনেত্ৰী হোৱাৰ সপোন লৈ মায়ানগৰীত ভৰি দিছিল। সেই সময়ত বলীউডৰ তাৰকা ছলমান খানৰ সৈতে তেওঁৰ বন্ধুত্ব গঢ়ি উঠিছিল। মাত্ৰ কেইবছৰমানৰ ভিতৰতে সুনীল শেট্টী, ছৈফ আলী খান, মিথুন চক্ৰৱৰ্তী আদি অভিনেতাৰ সৈতে কেইবাখনো ছবিত কাম কৰিছিল ছুমীয়ে।
অৱশ্যে বলীউডত তেওঁ বেছি দিন টিকি থাকিব নোৱাৰিলে। ছুমীয়ে ছলমান খানৰ সৈতে সম্পৰ্কত থকাৰ কথাও শুনা গৈছিল। এই ছুমী আলীয়ে আকৌ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ পূৰ্বেও ছুমীয়ে কেইবাবাৰো যৌন নিৰ্যাতনৰ বিষয়ে মুকলিকৈ অভিযোগ কৰি আহিছে। এইবাৰ ছ’চিয়েল মিডিয়া পেজত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ছমী আলীয়ে দিছে এটা পৰামৰ্শমূলক দীঘলীয়া পোষ্ট।
১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈকে ছলমানৰ সৈতে ছমীৰ সম্পৰ্ক আছিল বুলি জনা যায। ম্যেইনে প্যাৰ কীয়াত ছলমানক দেখা পাই ছমীয়ে প্ৰেমত পৰিছিল। আনকি তেওঁক লগ কৰিবলৈ তেওঁ ফ্ল’ৰিডাৰ পৰা মুম্বাইলৈও আহে। তেতিয়াৰ পৰাই ছলমানৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। আঠ বছৰীয়া সম্পৰ্ক শেষ হোৱাৰ পিছত ছমীয়ে কেইবাবাৰো ছলমানক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে সেই আঠটা বছৰ আছিল তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া সময়। কিন্তু এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিও ছুমীয়ে কাৰো নাম উল্লেখ কৰা নাই।
আনহাতে, বিগত সময়ত ছলমানৰ প্ৰেমৰ সম্পৰ্কতো কম বিতৰ্কৰ সৃষ্টি হোৱা নাই! তেওঁৰ কেইবাগৰাকীও প্ৰাক্তন প্ৰেমিকে তেওঁৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
যদিও এইবাৰ ছুমী আলীয়ে ছলমান খানৰ নাম উল্লেখ কৰা নাই। তথাপিও ছলমানকে লক্ষ্য কৰি লৈছে নেকি? এই বিষয়ে এতিয়া বলিউদত চলিছে ব্যাপক জল্পনা-কল্পনা।