NORTHEAST NOW (Assamese)
Popular Stories

বিবাদত লিপ্ত পুত্ৰসহ সমাজবাদী নেতাক গুলীয়াই হত্যা : দুজনক গ্ৰেপ্তাৰ, অন্য ছজন পলাতক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2020 4:10 pm
Gun-696x391

পুত্ৰসহ সমাজবাদী পাৰ্টিৰ এজন নেতাক গুলীয়াই হত্যা কৰিছে বিবাদত লিপ্ত গঞাই।

কালি মঙলবাৰে ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ সম্বলৰ চামশী গাঁৱত।

জিলা আৰক্ষী অধীক্ষৰ যমুনা প্ৰসাদৰ মতে উক্ত গুলী চালনা ঘটনাত সমাজবাদী দলৰ নেতা চ’টেলাল দ্বাৰকাৰ (৫০) আৰু তেওঁৰ পুত্ৰ সুনীল কুমাৰ(২৮) থিতাতে নিহত হয়।

ঘটনাৰ বিৱৰণীৰ মতে চামশী গাঁৱৰ মাজেৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিৰ্মীয়মান এটা পথ পৰিদৰ্শনৰ বাবে পুত্ৰসহ চ’টেলাল দ্বাৰকাৰে ঘটনা সংঘটিত স্থানলৈ গৈছিল।

উক্ত স্থানতে কিছু সংখ্যক গঞাই চ’টেলাল দ্বাৰকাৰ সৈতে বিবাদ লিপ্ত হয়।

বিবাদে এক উত্তপ্ত পৰ্যায় পায়গৈ আৰু দুজন গঞাই মাৰণাস্ত্ৰৰে দুয়োৰে ওপৰত গুলীচালনা কৰে। আৰু তেওঁলোক দুয়ো ঠাইতে ঢলি পৰে।

ঘটনাৰ সন্দর্ভত ইতিমধ্যে নিহত চ’টেলালৰ দ্বিতীয় পুত্ৰই দাখিল কৰা এজাহাৰ ভিত্তিত স্থানীয় ভূজ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা) ধাৰাত গোচৰ ৰুজু কৰে।

ইতিমধ্যে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত স্থানীয় আৰক্ষীয়ে আঠজন লোকৰ ভিতৰত জিতেন্দ্ৰ শৰ্মা আৰু সৰ্মেন্দ্ৰ শৰ্মা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে যে অভিযুক্ত ৰামেন্দ্ৰ, উপেন্দ্ৰ, জ্ঞানেন্দ্ৰ আৰু গজেন্দ্ৰ সিং এতিয়াও পলাতক।