NORTHEAST NOW (Assamese)
অসম

শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে সহস্ৰাধিক লোকৰ সমাগমেৰে হাজোত মণিকূট উৎসৱ-সমন্বয় শোভাযাত্ৰা

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 15, 2021 2:57 pm

শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো পহিলা মাঘত তীৰ্থ নগৰী হাজোত আছুৰ উদ্যোগত সমন্বয় শোভাযাত্ৰা উলিওৱা হয়।

হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফৰ মূল টোৰণৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ এই শোভাযাত্ৰা উলিওৱা হয়।

১৯৯২ চনত উত্তৰ প্ৰদেশৰ বাবৰি মহজিদ ধ্বংসৰ পাছত দেশত আৰম্ভ হোৱা ভাতৃঘটি সংঘৰ্ষৰ সময়ত হাজোত আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ বাৰ্তাৰে আৰম্ভ কৰিছিল এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা।

প্ৰতি বছৰৰ দৰে এইবেলিও আজিৰ দিনটোত এই সমন্বয় শোভাযাত্ৰা উলিওৱা হয়।

পঞ্চতীৰ্থ দলৈ শিৱ প্ৰসাদ শৰ্মা আৰু পোৱামক্কাৰ খাদিম তৌফিক আহমেদে পতাকা আদান প্ৰদান আৰু আলিংগনেৰে আৰম্ভ হোৱা এই শোভাযাত্ৰাত বিভিন্ন গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হাজাৰ হাজাৰ লোকেৰে লোকাৰণ্য হৈ পৰা এই উৎসৱত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পদক শংকৰ জ্যোতি বৰুৱা, উপ সভাপতি প্ৰকাশ দাসকে ধৰি সংস্কৃতিক জগতৰ বহু শিল্পীয়ে অংশগ্ৰহণ কৰে।

দীপলিনা ডেকা, দীক্ষু শৰ্মা, জিনা ৰাজকুমাৰী, আদিয়ো সমন্বয় উৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।