NORTHEAST NOW (Assamese)
Popular Stories

দুই বিবাহিত সমকামী নাৰীক ৰুমত আৱদ্ধ কৰিলে পৰিয়ালৰ লোকে : দুয়োকে উদ্ধাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 4:34 pm
lesbian_couple_01_750

দুগৰাকী সমকামীক নাৰীক পৰিয়ালৰ লোকে ধৰি এটা ৰুমত আৱদ্ধ কৰি ৰখাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ ঠাকুৰগঞ্জত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ অনুসৰি ঠাকুৰগঞ্জ আৰক্ষী থানাৰ ডুবাগা অঞ্চলত দুগৰাকী সমকামী নাৰীক পৰিলয়ালৰ লোকে ধৰি বান্ধ এটা কোঠাত আৱদ্ধ কৰি ৰাখে।।

পৰিয়ালৰ লোকে দুয়োগৰাকী সমকামী নাৰীক ধৰি এটা ৰুমত আৱদ্ধ কৰি ৰাখে যদিও এগৰাকীয়ে তাৰ পৰা পলায়ন কৰি আৰক্ষীৰ সহায়ত তেওঁৰ সহযোগীগৰাকীক নিৰাপদে উদ্ধাৰ কৰে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিৰ মতে সমকামী দুয়োগৰাকী নাৰীয়ে আৰক্ষীৰ আগত যোৱা ১৭ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা বুলি দাবী কৰিছে।

ইয়াৰ পিছৰ পৰাই তেওঁলোক দুয়োকে পৰিয়ালৰ লোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালৰ লোকে কোঠাত আৱদ্ধ কৰি ৰখা দিনা দুয়োগৰাকী সমকামী নাৰীকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি অত্যাচাৰ কৰা বুলি অভিযোগ কৰিছে। দুই সমকামী নাৰীৰ মতে পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক সদায় বিৰোধিতা কৰি আহিছে।

ইফালে সংবেদনশীল বিষয়টোক নিষ্পত্তি কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

আনহাতে সমকামী দুয়োগৰাকী নাৰীয়ে তেওঁলোকৰ সম্পৰ্কটোত পৰিয়ালৰ লগতে অন্য লোকৰ হস্তক্ষেপ বিৰোধিতা কৰি তেওঁলোকক শান্তিৰে জীৱন যাপন কৰাৰ পৰিৱেশ দিবলৈ আহ্বান জনাইছে।