NORTHEAST NOW (Assamese)
অসম

বোকাখাতত চোৰাং সাঁচি কাঠ সহ দুখন বিলাসী গাড়ী জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 4, 2020 3:45 pm

এক গোপন সুত্ৰৰ আধাৰত চলোৱা অভিযানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ অভিযানকাৰী দলে যোৱা নিশা চোৰাং সাঁচি কাঠৰ টুকুৰাৰে সৈতে দুখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ সমীপত অভিযানকাৰী বনকৰ্মীৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় পথত এএছ-০২ টি-৫৩৪৪ নম্বৰৰ এল্ট’ গাড়ী এখনক ৰখাবলৈ নিৰ্দেশ দিয়াৰ পিচতো গাড়ীখনে নিৰ্দেশ অমান্য কৰাত বনকৰ্মী দলে গাড়ীখন খেদি যোৱাত ৩৭ নং ৰাষ্ট্ৰীয় পথতে গাড়ীখন ৰখায় পলায়ন কৰে চালকসহ গাড়ীৰ যাত্ৰী সকল।

একেদৰে পৰৱৰ্তী সময়ত এএছ-০২এন-১২৩৪ নম্বৰৰ আৰ্টিকা গাড়ীখনেও নিৰ্দেশ অমান্য কৰি পলায়ন কৰাত জব্দ কৰে অভিযানকাৰী দলে।

দুয়োখন বাহনৰৰ পৰা অভিযানকাৰী দলটোৱে মুঠ ১.২৮ কুইন্টল সাঁচি কাঠৰ মুল্যবান টুকুৰা উদ্ধাৰ কৰে।

জব্দ কৰা গাড়ী আৰু সাঁচি কাঠ সমুহ বোকাখাতত থকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয়।

ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিব পৰা নাই যদিও অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বোকাখাত বনাঞ্চলিক কাৰ্যালয়ে।