NORTHEAST NOW (Assamese)

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

January 22, 2021 7:08 am · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে।

নৰেন্দ্ৰ মোডীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰি আজি অৰ্থাৎ ২২ জানুৱাৰীত  ১২ ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে অৱশেষত বন্ধৰ কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য হয়।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত বন্ধ স্থগিত কৰাৰ পত্ৰ প্ৰদান কৰে সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক ৰাজেশ দাসে।

উক্ত পত্ৰত সম্পাদক ৰাজেশ দাসৰ লগতে সভাপতি বিজয় কৃষ্ণ দুৱৰাৰ স্বাক্ষৰ আছে।

ইপিনে সমগ্ৰামী  যুৱ ছাত্ৰ পৰিষদৰ এই বন্ধৰ কাৰ্যসূচীক একাংশই সমালোচনা কৰিছিল। কিয়নো নৰেন্দ্ৰ মোডী ২৩ জানুৱাৰীত শিৱসাগৰলৈ আহিব আৰু ২২ জানুৱাৰীত শিৱসাগৰ বন্ধ দিয়াটো কিমান যুক্তি সংগত বুলি প্ৰশ্ন উত্থাপন কৰে।

সেইদৰে বন্ধৰ এদিন পূৰ্বে বন্ধৰ কাৰ্যসূচী উঠাই লোৱা কাৰ্যক সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰে সংগঠনটোক।

আনহাতে, সংগঠনটোৰ শিৱসাগৰ জিলাৰ সভাপতি বিজয়কৃষ্ণ দুৱৰাই বন্ধ উঠাই লোৱা নাই বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰে যদিও শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সংগঠনটোৰ পেডত প্ৰদান কৰা পত্ৰত সভাপতি বিজয় কৃষ্ণ দুৱৰাৰ স্বাক্ষৰ দেখিবলৈ পোৱা গৈছে।

প্ৰশ্ন হয়, যদি সংগঠনটোৰ সভাপতিয়ে কয় বন্ধ উঠাই লোৱা নাই তেন্তে সম্পাদকে কিয় শিৱসাগৰ সদৰ থানাত গৈ সংগঠনটোৰ ছীল মোহৰ থকা পেডত বন্ধ উঠাই লোৱা বুলি পত্ৰ প্ৰদান কৰে।

Related News