NORTHEAST NOW (Assamese)
Popular Stories

আজহাৰুদ্দিনৰ বোৱাৰী হ’ব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2019 9:12 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ পুত্ৰৰ সৈতে বিবাহত বহিব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নীয়ে।

The Times of Indiaত প্ৰকাশিত বাতৰি মতে ছানিয়া মিৰ্জাই যোৱা ৫ অক্টোবৰত তেওঁলোকৰ আগত এই কথা নিশ্চিত কৰে।

উল্লেখযোগ্য যে ছানিয়া মিৰ্জাৰ ভগ্নী আনম মিৰ্জা পেছাত এগৰাকী ফেছন ষ্টাইলিষ্ট। যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত তেওঁৰ বিয়াৰ চৰ্চা চলি আহিছিল।

অহা ডিচেম্বৰত আনম বিয়াত বহিব বুলি উল্লেখ কৰি The Times of Indiaৰ আগত ছানিয়াই কয়, ‘আমি মাত্ৰ কিছুদিন পূৰ্বেই পেৰিছত বেচেল’ৰেট ট্ৰীপ কৰি আহিলো, আমি সঁচাকৈয়ে ৰোমাঞ্চিত।‘

আনহাতে দৰা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মঃ আজাহাৰুদ্দিনৰ পুত্ৰ আছাদ বুলি মন্তব্য কৰি টেনিছ তাৰকা গৰাকীয়ে কয় যে আছাদ এজন মৰমিয়াল ল’ৰা।

আজাহাৰুদ্দিনৰ পুত্ৰ মঃ আছাদুদ্দিন পেছাত এগৰাকী ক্ৰিকেটাৰ। তেওঁ ২০১৮ চনত ৰন্জী ট্ৰফীত গোৱাৰ হৈ প্ৰথমখন ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলে।