NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

শ্বুটিঙৰ মাজতে ঘটিল অঘটন : আঘাতপ্ৰাপ্ত ছুপাৰষ্টাৰ সঞ্জয় দত্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2023 6:41 pm

চিনেমাৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। সঞ্জয় দত্তৰ পৰৱৰ্তী কানাড়া ছবি কেডি দ্য ডেভিলৰ চেটত এক ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ আঘাতপ্ৰাপ্ত হৈছে ছুপাৰষ্টাৰগৰাকী।

সঞ্জয় দত্তই ভিলেইন ৰূপত অভিনয় কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধ্ৰুৱ সৰ্জাই।

খবৰ অনুসৰি, বুধবাৰে বেংগালুৰুত চিনেমাখনৰ চেটত বোমা বিস্ফোৰণৰ দৃশ্যৰ শ্বুটিঙৰ সময়তে অভিনেতাজন আহত হয়। দুৰ্ঘটনাটোৰ ফলত হাত, কঁকাল আৰু মুখমণ্ডলত আঘাত পায় অভিনেতাগৰাকীয়ে। অঘটনটো ঘটাৰ পিছতেই চিনেমাখনৰ দৃশ্যগ্ৰহণ বন্ধ কৰি দিয়া হয়।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল আৰু ইয়াৰ ক্ষয় ক্ষতিৰ পৰিমাণৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, বেংগালুৰুৰ মাগাডী ৰোডত এই ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য যে কে জি এফৰ সফলতাৰ পিছত দত্তই পুনৰবাৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ১৯৭০ চনত বাংগালুৰুত সংঘটিত হোৱা প্ৰকৃত পৰিঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও এটা প্ৰেমৰ কাহিনীয়ে ছবিখনক লীড কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।

এই ছবিখন হিন্দী, তেলেগু, তামিল, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব।

সম্প্ৰতি সঞ্জয় দত্তৰ অৱস্থা উন্নত হৈছে বুলি চিকিৎসকে জানিবলৈ দিছে।