NORTHEAST NOW (Assamese)
Popular Stories

‍‘নমস্তে ট্ৰাম্প’ৰ বাবেই ক’ৰ’নাৰ সংক্ৰমণ ঘটিছিল দেশত : সঞ্জয় ৰাউত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 10:42 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ ফেব্ৰুৱাৰি মাহত আহমেদাবাদত অনুষ্ঠিত কাৰ্যসূচীৰ বাবেই গুজৰাটৰ পিছত মুম্বাই আৰু দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি শিৱসেনা নেতা সঞ্জয় ৰাউতে মন্তব্য কৰিছে।

শিৱসেনাৰ নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে কোনো পৰিকল্পনা নোহোৱাকৈয়ে দেশত লকডাউন প্ৰযোজ্য কৰিছিল, কিন্তু এতিয়া প্ৰত্যাহাৰৰ বাবে ৰাজ্যসমূহক দায়িত্ব দিছে।

শিৱসেনাৰ মুখপাত্ৰ ‍‘সামনা‍’ৰ জৰিয়তে সঞ্জয় ৰাউতে কয়, ‍‘এইটো অমান্য কৰিব নোৱাৰি যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ আয়োজিত জনসমাৱেশৰ বাবেই গুজৰাটত ক’ৰ’নাৰ সংক্ৰমণ ঘটিছে। ট্ৰাম্পৰ সৈতে অহা শীৰ্ষ বিষয়াৰ কিছু সদস্য, মুম্বাই, দিল্লী অহা বাবেই ইয়াতো বিজাণুৰ সংক্ৰমণ ঘটে’।

মহামাৰী প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি ৰাউতে কয় যে যদি বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ পৰিকল্পনা কৰি আছে তেন্তে দেশৰ অন্য প্ৰান্তত থকা ১৭ খন বিজেপি শাসিত ৰাজ্যতো ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থা কৰিব লাগে।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰ ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত বিফল কিয়নো তেওঁলোকৰ হাতত কোনো পৰিকল্পনা নাছিল বুলি ৰাউতে উল্লেখ কৰে।

ৰাউতে লগতে কয় যে মহাৰাষ্ট্ৰ চৰকাৰ ভংগ কৰাৰ বাবে বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমাৰ প্ৰত্যেকটো সহযোগী দল একত্ৰিত আৰু বিজেপিৰ আশা কেতিয়াও বাস্তৱ নহয়।